পৃষ্ঠা:যৌন-তত্ত্ব.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আদৰ্শ বিবাহিত জীৱন কি দৰৰ আৰু কি দৰে পাব পাৰি এই পুথিত তাৰেই আভাস দিবৰ চেষ্টা কৰা হৈছে। পুষ্পে পত্ৰে সংশোভিত বিবাহিত জীৱন যাতে অমৃত ফলপ্ৰদায়ী হয় তাৰেই আলোচনা কৰা এই পুথিৰ উদ্দেশ্য।
 এই পুথিৰ নানা অধ্যায়ৰ ভিতৰত আলোচনা কৰা হৈছে—
 স্ত্ৰী-সঙ্গ-লিপ্সা, বিবাহ, সহবাস, ন-ঘৈণী, ডেকা-ঘৈণী, অনঙ্গ প্ৰসঙ্গত স্ত্ৰীৰ কৰ্ত্তব্য, বনিতাবিলাস, ৰবৰাদি আচ্ছাদন, জীৱসৃ্ষ্টি, ডেকা-ঘৈণী, জন্ম-নিৰোধ আৰু জীৱনসঙ্গিনীৰ কথা। যৌন-তত্ত্ব সম্বন্ধে জানিবলগীয়া সকলো বিষয় সহজ ভাষাত সৰলকৈ বুজোৱা পুথি অসমীয়াত এয়ে প্ৰথম।


॥ পাতনি ॥

 এই পুথিখনি অপ্ৰাপ্তবয়স্ক ল’ৰা-ছোৱালীৰ কাৰণে নহয়। কেনেবাকৈ নপৰিবলগীয়াৰ হাতত পৰাৰ আশঙ্কাতে প্ৰকাশ নকৰিলে কৰ্ত্তব্যৰ ত্ৰুটী হব। মিছা সোমোৱাৰ আশঙ্কাত সত্যৰ বাট ভেটা হব ভাবি প্ৰকাশ কৰিলোঁ। বিবাহে বহুতো দুঃখ আনে তাত সন্দেহ নাই, কিন্তু কৰ্ত্তব্য শূন্য ফল-পুষ্প-বিহীন অবিবাহিত জীৱনৰ দুঃখ ততোধিক।

 আদৰ্শ বিবাহিত জীৱন কি দৰৰ আৰু কি দৰে পাব পাৰি এই পুথিত তাৰেই আভাস দিবব চেষ্টা কৰা হৈছে। পুষ্পে পত্ৰে সুশোভিত বিবাহিত জীৱন যাতে অমৃত ফলপ্ৰদায়ী হয় তাৰেই আলোচনা কৰা এই পুথিৰ উদ্দেশ্য।

 ল’ৰা-ছোৱালীক ব্ৰহ্মচৰ্য্য শিক্ষা দিয়া আৰু ব্ৰহ্মচৰ্য্য অৱলম্বন কৰাৰ উপকাৰিতা সম্বন্ধে বুজোৱা প্ৰথা আমাৰ দেশত আজি কালি নাই বুলিলেই হয়; কিন্তু বয়সৰ লগে লগে কাম ভাবৰ (sex urge) উদ্ৰেক হোৱা অতি স্বাভাৱিক। ঋষিমুনিৰ দিনতো হৈছিল, আজিও হৈছে আৰু আগলৈকো হব ই সুনিশ্চিত। এই স্বাভাৱিক বৃত্তি ধ্বংস কৰা ব্ৰহ্মচৰ্য্যৰ উদ্দেশ্য নহয় আৰু কোনোকালতে নাছিল। ব্ৰহ্মচৰ্য্যৰ মূখ্য উদ্দেশ্য অকালত শক্তিক্ষয় নিবাৰণ আৰু প্ৰজা সৃষ্টি আৰু প্ৰজা ৰক্ষাৰ অৰ্থে শক্তি সঞ্চয়। ল’ৰা-ছোৱালীৰ খোৱা-বোৱা আদি সাধাৰণ বৃত্তিসমূহক যেনেকৈ মাক-বাপেকে সৰুৰেপৰা সংযত কৰাই তাৰ সজ গতি নিৰূপণ আৰু নিৰ্দ্দেশ কৰি দিবৰ চেষ্টা কৰা উচিত সেইদৰে ল’ৰা-ছোৱালীৰ যৌৱনৰ উন্মেষৰ লগে লগে কাম ভাবৰ আবিৰ্ভাৱ হওঁতেই সজ উপদেশ আৰু সদ্ শিক্ষাৰ দ্বাৰাই

উপযুক্ত সময় নোহোৱালৈকে সেই বৃত্তি সংযত কৰাবলৈ সহায় কৰা নিতান্ত কৰ্ত্তব্য। উপযুক্ত সময় উপস্থিত হলে দাম্পত্য জীৱনৰ সুখ সন্তোষৰ কাৰণে, পূৰ্ণ পৰিতৃপ্তিৰ কাৰণে, কি কি উপকৰণ লাগিব আৰু কি কি উপায় অৱলম্বন কৰিব লাগিব তাৰো শিক্ষাৰ বিশেষ আৱশ্যক আছে। অভিজ্ঞতা থকা সজ লোকৰপৰা বা সেই বিষয়ৰ সজ পুথিৰপৰা একো সহায় নোপোৱাৰ কাৰণে অকালত ল’ৰা-ছোৱালীবিলাকে কু-লোকৰ সঙ্গত পৰি কুপথে চলি ক্ষীণ আৰু ৰুগীয়া হব ধৰিছে; ইয়াৰ প্ৰতিকাৰ কৰিবয়ে লাগিব। ১২।১৩ বছৰীয়া ল’ৰা-ছোৱালীৰ কথাকে নকওঁ ২০।২৫ বছৰীয়া ডেকা-গাভৰুৱেও জানিবলগীয়া বহুতো কথা নজনাৰ বাবে তেওঁলোকৰ বিবাহিত জীৱন দুঃখময় হোৱা দেখা আৰু শুনা যায়।

 বহুদৰ্শী আৰু ভুক্তভোগী কেজনমান বন্ধৰে অনুৰোধত আৰু নিজৰ কৰ্ত্তব্যবোধত এই পুথিখনি লেখিলোঁ। ইয়াৰ দ্বাৰাই সমাজৰ অকণমানো উপকাৰ হোৱা দেখিলে পৰম সন্তোষ পাম আৰু এই বিষয়ে আগলৈ বহলাই লেখিবলৈ উদগনি পোৱা হ’ব।

 এই বিষয়ে অসমীয়া পুথি নথকা গতিকে ভাৱ প্ৰকাশৰ কাৰণে কিছুমান সংস্কৃত আৰু বিদেশী শব্দ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছো আৰু সেই কাৰণেই সাধু ভাষাৰ প্ৰয়োগো সৰহ হৈছে, ইপিনে আকৌ সহজকৈ বুজাবলৈ যাওঁতে ঠায়ে ঠায়ে গ্ৰাম্যতা দোষো ৰৈ গৈছে। লিখকৰ অক্ষমতালৈ চাই পাঠকসকলে এই দোষ মৰষিব বুলি আশা কৰিলোঁ আৰু গোহাৰি জনালোঁ।

—লিখক