পৃষ্ঠা:যৌন-তত্ত্ব.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যৌন-তত্ত্ব শাশ্বত সেই দেখিয়েই উপদেশ দিছে যে স্বামীক খৱাবৰ সময়ত মাতৃৰূপা হব লাগিব৷; ভাল বস্তু ভালদৰে ৰান্ধি দিলেই নহব; কি খাই ভাল পায় তালৈ চকু ৰাখি আগত থাকি প্ৰীতিপূৰ্ণ’ বচনেৰে তুষ্ট কৰি ভোজন কৰাব লাগিব। স্বামীৰ মুখলৈ চায়েই সংখ-দুখৰ বাতৰি পাব লাগিব। কাৰ্য্যত সহায় কৰাত আৰ, বং-ধেমালিত বাই-ভনীৰ দৰে চলিব লাগিব; প্ৰণয় প্ৰসঙ্গত অনঙ্গ বঙ্গৰসিকা, প্ৰেমোন্মাদিনী চিত্ত- বিভ্ৰান্তকাৰিণী প্ৰণয়িনী হব লাগিব। সাজপাৰ পিন্ধি, লয়লাস কৰি মৌসনা মাতৰ প্ৰীতি সম্ভাষণত প্ৰেমিকৰ অন্তৰত প্ৰেম ওপজাই মনপ্ৰাণ হৰি নি সন্তোষৰ অমৃত ধাৰা বোৱাই দিব লাগিব। বহগণযত্তা প্ৰমদাক সেই দেখিয়েই “পূজাহা গৃহদ্বীপ্তয়ঃ” পূজাৰ যোগ্যা আৰু গৃহৰ দ্বীপ্তি স্বৰূপা জ্বলি কৈছে। নিজৰ মন আনন্দত সদায় প্ৰফুল্লিত কৰি ৰাখিব নোৱাৰিলে স্বামীৰ চিত্ত বিনোদন কৰি গৃহদ্বীপ্তিকা হব নোৱাৰিব। । স্বামীক পৰন্থী বা বাৰবনিতাশত্তা ঝুলি জানিলে বা অনন্মান কৰিলে নিজ স্ফীত নোপোৱা কি বস্তু তাত পায় তাক ভালদৰে গমি চাব লাগিব আৰ, আৱশ্যক মতে সেইদৰে চলি আৰু আন উপায়ে অভাৱ-অভিযোগ পৰণ কবি মন ফিৰাব · লাগিব। কামকলাৰ প্ৰকৃষ্ট সাধনত বিমোহিত কৰি শান্ত ক্লান্ত কৰি দিব লাগিব। পবিত্ৰ প্ৰেমৰ প্ৰীতি বিস্তাৰ কৰিব পাৰিলেহে বাঞ্ছিতজনৰ ওচৰত মান-অভিমান চলিব। তেতিয়াহে “দেহি পদ- পল্লৰ দাম” মদ্ৰেৰে অৰ্চ্চনা কবি মানভঞ্জন কৰা সম্ভৱ হব। ৰূপ নাই বুলি অসন্তোষ কৰা মিছা। ৰূপ কেৱল এখন প্ৰশংসা পত্ৰৰ দৰে, কিন্তু আত্মপ্ৰকাশ কৰিব পাৰিলে আৰ আত্মাৰ বিমোহিনী শক্তি বিস্তাৰ কৰিব পাৰিলে ৰূপব প্ৰশংসা- পত্ৰ নহলেও অন্তৰত স্থান লাভ কৰিব পাৰিব। ৰূপে দুদিনীয়া, গুণ চিৰস্থায়ী। স্বামী-সোহাগিনী হোৱাতকৈ কোনো সম্পদেই স্ফীৰ পক্ষে অধিক নহয়—কোনো সৌভাগ্যই চৰা নহয়। সোহাগিনী ভাষাতকৈ স্বামীৰ আদৰৰ বস্তু একো হব নোৱাৰে বলিলে বঢ়াই কোৱা নহব। স্বামীৰ পৰা স্ফীয়ে বা স্ফীৰ পৰা স্বামীয়ে কোনো কথা গোপন কৰিব নাপায়। কৰিলে প্ৰীতিৰ ব্যাঘাত হয় আৰু, আচল, • সথ্যভাৱ হব নোৱাৰে। সখ্যভাৱৰ অভাৱত সোহাগ নজন্মে আৰ প্ৰেমৰ বিকাশ নহয়। কি কাৰণে সকলো কথা পৰস্পৰে পৰম্পৰৰ আগত কব নোৱাৰি তাক ভালদৰে ভাবি চোৱা উচিত। অমুক কথা কলে বা শনিলে ঘৈণীয়ে কান্দিকাটি অশ্বিৰ হব, সখ-শান্তি নাইকিয়া কৰিব, এই আশঙ্কাতেই সত্য গোপন কৰি চলে। কিন্তু কথা কিছ, পৰিমাণে গোপনীয় হলেও দ্বিধা-শঙ্কা নোহোৱাকৈ ভাঙি-চিঙি কলে আৰ, অপৰ পক্ষে শনি গোপন নকৰি কোৱা বাবেই ক্ষমা কৰি অশান্তি নকৰিলে প্ৰকাশ কৰা সহজ হয় আব্দ দোষণীয় গোপন কাৰ্য্যৰ পৰা যুক্তি-তৰ্কেৰে অনুনয় বিনয়েবে সবৱা সম্ভৱ হয়। সন্দেহে, অবিশ্বাসে বাঁহত ঘঋণে ধৰাৰ দৰে মনৰ প্ৰীতি আৰ, শান্তি অজানিতভাৱে নাশ কৰে। সেই বাবেই শাস্ত্ৰে কৈছে “সন্দেহাত্মা বিনস্যতি।" দুয়োৰে সংখ-দখে ভাল-বেয়া সকলো দুয়ো জানি দুয়োকো দয়ো বিশ্বাস কৰি চলিব পৰাকেই প্ৰীতি বোলে। শাস্ত্ৰত প্ৰীতিৰ লক্ষণ এইদৰে কৈছে— “দদাতি প্ৰতিগহ্বাতি গাহামাখ্যাতি পচ্ছতি ৫১ ভৃত্তে ভোজয়তে চৈব ষড়ড়্গণেং প্ৰীতিলক্ষণম্॥” আনৰ আগত কব নোৱাৰা কথা কৈ, আনৰ লগত কৰিব নোৱাৰা কাৰ্য্য কৰি সখ্যভাৱ স্থাপন কৰি দয়ো একমত হৈ চলিব পাৰিলে দাম্পত্য জীৱন যে মধুৰ হব তাত সন্দেহ নাই। তিৰোতাৰ অতি মূল্যবান সম্পদ লাজ আৰ, সম্ভ্ৰম; প্ৰাণ- তকৈয়ো অধিক প্ৰিয় বস্তু সতীত্ব। যদি সেই লাজ-সম্ভ্ৰম কাতি কৰি৷ সৰ্ব্ব আৱৰণ উন্মোচন কৰি প্ৰীতি-প্ৰেম আদি চিৰসঞ্চিত ৰমণীৰ অন্তৰৰ অমূল্য সম্পদ অতৰাত্মা শূন্য কৰি অকাতবে বিলাই দি বাঞ্ছিতব আগত থিয় দিব পাৰে, আনন্দৰ আত্ম- বিস্মৃতিত আত্মসমৰ্পণ কৰিব পাৰে, তেতিয়া সত্য গোপনব ঠাই ক'ত ৰব। ৰমণকুশলা ৰমণী হবলৈ হলে আৰু গৃহপৰিচালনদক্ষা গৃহিণী হবলৈ হলে শৰীৰ সদস্থ আৰ, সৱল হয় লাগিব; চিত্ত শান্ত আব, আনন্দিত কৰি ৰাখিব লাগিব। অনঙ্গ প্ৰসঙ্গব বিবিধ ভঙ্গিমাত, ৰতিবঙ্গ ৰসৰ কিচিত্ৰ সমাবেশত, প্ৰণয় সঙ্গীতৰ