পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

(V.)

 কমতাপুৰ ধ্বংস কাব্য পঢ়ি ডিব্ৰুগৰৰ আলোচনীয়ে লিখিছে,—“আসামৰ সেণবংশীয় (খেনবংশীয় ) শেষ ৰজা নীলাম্বৰে মন্ত্ৰীৰ পুতেকক গোপনে বধ কৰাই, তেওঁৰ মাংস ৰন্ধাই বাপেকক খুউৱাত বাপেকে প্ৰতিশোধ ল'বৰ ইচ্ছাৰে, গঙ্গাস্নানলৈ যাওঁ বুলি গৌড় দেশৰ নবাবৰ ওছৰলৈ গৈ তেওঁত শৰণাপন্ন হোৱাত নবাবে সেনা পঠাই কমতাপুৰ ৰাজ্য কেনেকৈ দখল কৰিলে তাৰে বৰ্ণনাৰ গোন্ধ পোন্ধৰটা পাহিৰ প্ৰথমটো ফুলত ( কমতাপুৰ ধ্বংস কাব্যত) আছে। * * * তলসৰা ফুল যদিও কবিৰ প্ৰথম উদ্যম, তথাচ তাত কবিৰ ভাব প্ৰকাশ কৰিব পৰা ভাষাত আয়ত্ত, ভাষাত কবিত্ব আৰু ছন্দত জেউতি থকাৰ চিন জিলিকিছে।

“আলোচনী” ৪ৰ্থ বছৰ, ৬ষ্ঠ সংখ্যা।

(V1.)

 অনাৰেবল্, শ্ৰীযুত পদ্মনাথ বৰুৱা ডাঙ্গৰীয়াৰ “ঊষা’ই লিখিছে,— “ • • ইয়াৰ আগৈয়ে এওঁ অসমীয়া সাহিত্য-ক্ষেত্ৰলৈ ওলোৱা আমি দেখা নাই। কিন্তু প্ৰথম সাক্ষাততে আমি এওঁক নিচেই অপইতা নাপালো। ৰচকে অৱশ্যে জুহালত গঢ়িহে কমাৰশাললৈ ওলাইছে। সি যি হওক, নিচেই ঘৰুৱা কথাৰেও যে অমিত্ৰাক্ষৰ ছন্দৰ টান ভাব অসমীয়াত ফুটাব পাৰি, প্ৰথম পাহে (কমতাপুৰ ধ্বংস-কাব্যই ) তাৰে প্ৰমাণ দিছে * * * বৰবৰুৱাদেৱে অসমীয়া সাহিত্যৰ চ'ৰাত এখন মানী আসন পাব বুলি আমি আশা কৰোঁ।”

ঊষা – ৫ম ভাগ—৪ৰ্থ সংখ্যা।