সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
মোৰ মাতৃমূখ দৰ্শন

সম্মানিত কৰিলে। সেই সভাপতি হৈছিল মোৰ পুৰণি বন্ধু শ্ৰদ্ধাস্পদ মন্ত্ৰী ৰাষ বাহাদুৰ শ্ৰীযুত কনকলাল বৰুৱা ডাঙৰীযা। নগৰৰ অনেক গণ্যমান্য মানুহ সভাত উপস্থিত আছিল। কিন্তু হায। মোৰ “মিতা” শ্ৰদ্ধাস্পদ লক্ষীপ্ৰসাদ বৰুৱা বিশিষ্ট বন্ধু প্ৰত্নতত্ত্বজ্ঞ পণ্ডিত হেমচন্দ্ৰ গোসাঁই, অমাষিক মিষ্টভাষী সুবিখ্যাত সাহিত্যিক সত্যনাথ বৰা ক’ত! আজি যাক সমাদৰ দেখুৱাবৰ অৰ্থে গুৱাহাটীত সভা বহিছে, তেওঁলোক এই পুৰীত থকাহেঁতেন নিশ্চয বিশিষ্ট সমজুৱাসকলৰ ভিতৰত তেওঁলোকৰ প্ৰসন্ন মুখ তেওঁ দেখিবলৈ পালেহেঁতেন। সভাত অসমীষা সঙ্গীত, বৰগীত, আবৃত্তি বক্তৃতা, প্ৰভৃতি যথাৰীতি চলি সকলোকে আনন্দ বৰ্দ্ধন কৰিছিল। কনকলাল বৰুৱা ডাঙৰীযাৰ সুন্দৰ সাৰুৱা বক্তৃতাই সকলোকে সন্তোষ প্ৰদান কৰিছিল। উত্তৰত মই অনেক বছৰৰ মূৰত মোৰ মাতৃভূমি অসম দেখি, নানা বিষয়ত মোৰ কেনে লাগিছিল, তাৰ বিষয়ে অলপ অচৰপকৈ সভাৰ উদ্যোগীকসকললৈ শলাগৰ শৰাই আগবঢ়াই সেই দিনাৰ কাৰ্য্য সুসাঙ্গ কৰিলোঁ।

 পিছদিনা ৩০ অক্টোবৰ তাৰিখে মোৰ কলিকতালৈ উভতি যাবৰ কথা। পুৱা আল ল কলেজৰ ছাত্ৰসকলে আমাৰ ছবি তুলিলে। জুম পাতি থকা ছবি। গুৱাহাটীৰ গৱৰ্ণমেন্ট স্কুলৰ ছাতৰসকলৰ বিশেষ অনুৰোধত আবেলি তেওঁলোকৰ সভালৈ গ’লো। ছাতৰ আৰু শিক্ষক সকলৰ আদৰ অভ্যৰ্থনাত বিশেষ সন্তোষ লাভ কৰি তেওঁলোকক মোৰ শলাগ জনাই, বক্তৃতাৰ গঢ়েৰে আষাৰচেৰেক কৈ, তেওঁলোকৰ ওচৰত মেলানি মাগি থকা ঠাইলৈ উভতি আহি অলপ আহাৰ কৰি মটৰেৰে পাণ্ডুলৈ গৈ পাৰ হৈ ৰেলত উঠিলোগৈ। মোৰ মনত এটি বিষাদ ৰ’ল। সোণাৰাম হাইস্কুলৰ ছাতৰ আৰু শিক্ষকসকলে বৰ আগ্ৰহ কৰি তালৈ যাবলৈ মোক মাতিছিল। কিন্তু সেইদিনাই ওপৰত কৈ অহা কাৰ্য্যবোৰ সমাপন কৰি উভতি যাবলৈ ৰেল ধৰিব লগীয়া হোৱাত সমযৰ নাটনিত পৰি, তেওঁলোকক বিমুখ কৰিবলৈ বাধ্য হলোঁ দেখি মই মনত নথৈ বেজাৰ পাইছিলো। আশাকৰৰ মোৰ অৱস্থাটো বুজি তেওঁলোকে মোক ক্ষমা কৰিছে।

 ছাতৰসকলৰ সভাত এটি অতি কম বয়সীয়া লৰাই (শিশু বুলিলেই হয়) হাৰ্ম্মনিয়ামৰ সহায়ত সুন্দৰকৈ এটি গান গাইছিল। মই মুগ্ধ হৈ আসনৰ পৰা উঠি সভাতে ল’ৰাটিৰ গালত এটি চুমা খালোগৈ। তাহানি কলিকতাত “মাষ্টৰ মদন” বোলা তেনেকুৱা গান গোৱা ল’ৰা এটিৰ গান শুনিছিলোঁ। আজি অসমীয় “মাষ্টৰ মদনক” দেখি বৰ সন্তোষ পালোঁ।

 মুঠতে এইবাৰ মাতৃমুখ দৰ্শন কৰি মোৰ অশেষ অপৰাধৰ নিমিত্তে মই মাতৃৰ চৰণত পৰি ক্ষমা মাগি, তেওঁৰ আশীৰ্বাদ শিৰত লৈ, কিছুকালৰ নিমিত্তে আকৌ মাতৃভূমি পৰিত্যাগ কৰি, বিদেশত থকা মোৰ কাৰ্য্যক্ষেত্ৰলৈ উভতিলোঁ। ভালেখিনি পৰলৈকে ৰেলগাড়ীত মোৰ মনটো বিষাদৰ ডাৱৰে ওন্দোলাই থৈছিল।

* * *