পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
মোৰ জীৱন সোঁৱৰণ

তেওঁলোকে দেখিলেহেঁঁতেন। সভাত সৰু ল’ৰা-ছোৱালী অভিনয় আচল অসমীয়া সুৰেৰে ছোৱালীবিলাকৰ নাম, সঙ্গীত যি হৈছিল, সেইবোৰেও মোক নথৈ সন্তোষ দিছিল। শিক্ষিতা কম বয়সীয়া মহিলা এজনাই সুন্দৰ কবিতা এটি ৰচনা কৰি, ভালকৈ লেখি, লেখাখনত আজিকালি বন্ধোৱা ছবিৰ দৰে কাচ আৰু বাও দি, পঢ়ি মোক উপহাৰ দিছিল। সেই মহিলাটিয়ে আগৰ সভা এখনতো তেনেকৈয়ে তেওঁৰ ৰচিত কবিতা এটি মোক দিছিল। দুইটি কবিতাৰ ৰচনা সুন্দৰ। অসমীযা কম বয়সীয়া মহিলা এজনাই এনে কবিতা ৰচনা কৰিব পৰা ক্ষমতা দেখি মই সন্তোষ পাইছিলো। দুইটি কবিতা আদৰেৰে মই মোৰ ঘৰৰ বেৰত আঁৰি থৈছোঁ। মহিলাজনাৰ নাম শ্ৰীমতী গোলাপলতা দাসী আৰু তেওঁ মহিলা সমিতিৰ সভ্যা।

 মহিলাসকলৰ সভা ভঙ্গ হোৱাৰ পিছত তাতে ছাত্ৰসকলৰ সভা জয়মতী নাটৰ পৰা দুটা এটা দৃশ্যৰ অভিনয়, বেৰিষ্টাৰ তাৰাপ্ৰসাদ চলিহৰৈ ঘৰৰ সৰু ল’ৰাটিয়ে সুস্বৰেৰে গোৱা বৰগীত ইত্যাদিৰে সেই সভা মনোৰম হৈ পৰিছিল। তেওঁলোকৰ অভিনন্দন পত্ৰৰ উত্তৰতো মই আষাৰ চেৰেক ক’বলগীয়াত পৰিছিলো। মোৰ দেশৰ আশাৰ স্থল উঠি অহা ছাতৰসকলৰ মঙ্গলৰ নিমিত্তে ঈশ্ববৰৰ চৰণত প্ৰাৰ্থনা কৰি শিৱ- সাগৰৰ আনন্দ উৎসৱৰ সমাপতিত উপস্থিত হ’লোঁ। পিছদিনা আবেলি মটৰেৰেই আমি ডিবুৰুলৈ উভতি গুচি আহিলাঁ।

 চৌব্বিশ আৰু পাঁচিশ অক্টোবৰ ডিবুৰুগৰতে কটাই, চাব্বিশ অক্টোবৰত পুৱাই, তিনিচুকীয়াৰ ৰাইজৰ নিমন্ত্ৰণ ৰক্ষা কৰিবৰ নিমিত্তে তিনিচুকীয়ালৈ গ’লো। তিনি- চুকীযাত শ্ৰীযুত সোমেশ্বৰ বৰুৱাকে প্ৰমূখ্য কৰি গণ্যমান্য ভদ্ৰলোকসকলৰ সমাদৰ লভি আবেলি বেলিকা মোৰ পৰম বন্ধু শ্ৰদ্ধাস্পদ শ্ৰীযুত ৰজনীকান্ত বৰদলৈ ডাঙৰীযাৰ সভাপতিত্বত, পুৰুষ আৰু মহিলাৰ সম্মিলিত সভাত উপস্থিত হৈ, ডেকা সকলৰ অভিনয় আৰু সৰু সৰু ছোৱালীবোৰৰ সঙ্গীত আৰু অভিবাদন মহিলা আৰু পুৰুষসকলৰ সুকীয়া সুকীয়া অভিনন্দন পত্ৰ গ্ৰহণ কৰি সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰি সেই ৰাতিযেই ডিবুৰুগড়লৈ উভতি আহিলো। তিনিচুকীয়াৰ সেই সভাৰ ৰঙ্গমঞ্চত ডেকাজনচেৰেকে জয়মতী নাটৰ পৰা দুটা দৃশ্য এনেকৈ অভিনয় কৰি দেখুৱাইছিল যে তাৰ তেনে সৰ্বাঙ্গসুন্দৰ অভিনয় মই আগেয়ে ক’তো দেখা নাছিলোঁ অতি হষ চিত্তেৰে মই তেওঁলোকৰ সেই সুন্দৰ অভিনয় উপভোগ কৰিলোঁ।

 সাতাইশ অক্টোবৰত ডিবুৰুগৰীযা বন্ধু-বান্ধৱসকলৰ পৰা বেজাৰ মনেৰে বিদায় লৈ, ৰাতি ৰেলত উঠি গুৱাহাটীৰ ফালে যাত্ৰা কৰিলোঁ। আঠাইশ অক্টোবৰ সন্ধ্যা বেলিকা গুৱাহাটী পাই, আকৌ আল ল কলেজৰ প্ৰিঞ্চিপেল স্নেহাস্পদ জ্ঞানদাভিৰাম বৰুৱাৰ ঘৰত আলহী হ’লো। ঘোৰা দৌৰৰ ঘুৰণীয়া চকৰৰ য’ৰ পৰা ছুটি মেলিছিলোঁ মেলিছিলো, আকৌ সেইখিনিকে পালোহি। “জ্ঞান বোপা" আৰু “মাজিৱে” ভাগৰি অহা ঘোৰাক ঠাণ্ডা কৰি তহলাই আনি যতন কৰি “দানা পান।” খাবলৈ দিলে। আকৌ গুৱাহাটীত সভা সমিতি উদ্যোগ হ’ল। ২৯ তাৰিখে আৰ্ল ল কলেজৰ ছাতৰসকলে আৰম্ভ কৰি সভা পাতি এই লেখকক অভিনন্দন পত্ৰ প্ৰদান কৰি