প্ৰৱৰ্ত্তাই থাকিব পাৰিলেই মোৰ হ’ল বুলি কিয় মোৰ মনলৈ ভাব আহিব? আৰু আটাইতকৈ মজাৰ কথা যে মই তেনে নকৰিলোঁ কিয় বুলি মোৰ মনত অনুতাপো নহব কিয়?”
মোৰ চিকাৰৰ সঙ্গী মুছলমান বন্ধুজন অৱশ্যে মোৰ শৰীৰৰ ভাল মানুহ নহয়। তেওঁৰ মূৰত নিশ্চয় গোবৰ নাই, আছে সুবুদ্ধি আৰু বিষয-বুদ্ধি।
(৬)
মই চিকাৰী কিন্তু প্ৰজাঘৰীযাহে আজিলৈকে ৰজাঘৰীযা হব নোৱাৰিলো। ৰজাই সকলো বেজৰ হাতে দৰব নাখায। ৰজালৈ সুকীয়ালৈ ৰাজবৈদ্য বা বেজবৰুৱা আছে। অকল তেওঁৰ হাতে বডী খাই ৰজা জীযে বা মৰে, আৰু সেই বাবে ৰজাই সেইজনক খিতাপ দি বেজবৰুৱা পাতে। বনৰ ৰজা আৰু দেশৰ ৰজাৰ গঢ়-গতি অনেক পাৰ্থক্য থাকিলেও গোটাচেৰেক ঘাই কথাত মিল আছে। সেইবোৰ ফঁহিযাই দেখুৱাবলৈ নগৈ ইষাকে মাথোন কওঁ যে আজিলৈকে বনৰজাই এই চিকাৰীৰহাতে বডী অৰ্থাৎ গুলী খোৱা নাই , গতিকে তেওঁ ৰজাঘৰীযা বেজবৰুৱাও হ’ব পৰা নাই,— যদিও সেই বিষযত তেওঁৰ পুৰুষাৰ্থৰ ক্ৰুটী নাই। কত দিন, কত ৰাতি তেওঁ গছৰ ওখ ডালত বন্ধা চাঙত হাতত বন্দুক লৈ সজাগ হৈ আৰু উজাগৰে থাকি খাপ দি বহি আছে, বনৰ ৰজাক ৰাজ-প্ৰাণ সংহাৰিণী বটিকা এপালি সেৱণ কৰাবলৈ, কিন্তু ৰজাক একোপধ্যে তেওঁ ৰাজি কৰাব পৰা নাই। যিদিনা পাৰিব সেই দিনাই তেওঁ তেওঁৰ দুৱাৰমুখত ডাঙৰ ডাঙৰ আখৰেৰে জাননী দিব , ৰাজবৈদ্য অমুক তমুক।
By Appointment to
His Exalted Highness
The King of the Chamunda Forest,
অৰ্থাৎ চামুণ্ডা হাবিৰ বনৰজাই পতা অমুক বেজবৰুৱা। যিহওক ব্যৰ্থপ্ৰযাস- বোৰৰ কথা বহলাই নকৈ চমুকৈ তাৰে দুটা চাইটাৰ কথা আজি কম।
পৰমাণপুৰ বোলা এডোখৰ হাবি এখনত বাঘ চিকাৰ কৰিবলৈ লগৰীযা জনচেৰেকেৰে সৈতে ওলালোঁ। আমি একোখন সুকীযা চাঙত বহিলোঁহক। চিকাৰ আৰম্ভ হল। সিফালৰ পৰা দেখা কৰা মানুহবোৰে লাহে লাহে বাঘ খেদি আনিবলৈ ধৰিলে। মই মোৰ চাঙৰ পৰা দেখিলোঁ, নেজ খৰা বাঘ এটা লৰি আহিছে। কিন্তু সি ইমান আঁতৰেদি আহিব লাগিছে যে মোৰ বন্দুকৰ গুলীযে তাক ঢুকি নাপায। ক্ষন্তেকৰ পিছতে ফালৰি কাটিলৈ নেদেখা হ’ল। মহাপ্ৰতাপশালী বনৰজা এনেভাৱে আবিৰ্ভাৱ আৰু তিৰোভাৱত এই চিকাৰীৰ লাভলোকচান একো নহ’ল। মাথোন তেওঁ ব্যৰ্থমনোৰথ হৈ বাৰচেৰেক দাঁত কামুৰিলে।
খেদাৰ অন্তত আমি আটাই কেউজন চিকাৰীয়ে নিজ নিজ উচ্ছিত মঞ্চৰ পৰা অৱতৰণ কৰি লগ লাগি উভতি আহিবলৈ খোজ লৈছোঁ এনেতে মানুহ এটাই লৰি