পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
পৰিশিষ্ট

লাহে সি এজোপা ডাঙৰ বৰগছত পৰিণত হ’ল। কোৱা বাহুল্য যে সেই ব্যৱসায়ৰ গুৰি আৰু মাজডোখৰত মোৰ অভিজ্ঞ বন্ধু আৰু মই মাথোন। অৰ্থাৎ —

“ৰামকৃষ্ণ দুটি ভাই বৃন্দাবনে চলি যাষ।
হাতত মোহন বংশী ৰৈয়া ৰৈয়া বায়॥”

 দুইৰো হাতত তেতিযা মোহন বংশী নাছিল যদিও, আছিল ছাতি আৰু লাখুটিহে। তাকে দুষো হাতত লৈ কলিকতাৰ বাটেপথে আলিযে-গলিযে টহলৰাম হৈ ঘূৰি ফুৰিছিলোঁ আৰু চকৰি লগা যানৰ ভিতৰত ট্ৰেমগাড়ীত গা ঘেলাইছিলোঁ। পোন্ধৰ বছৰৰ ওপৰ কাল, মোৰ সেই অভিজ্ঞ বন্ধুৱে সৈতে মই একেটা ব্যৱসায়তে আছিলোঁ। কিন্তু লাহে লাহে ব্যৱসায়ৰ গছজোপা ডাঙৰ হৈ উঠিলত তাত অনেক চৰাই-চিৰ্কতি গোট খাবলৈ ধৰিলে, তালৈ কানকুৰিকা আহিল, শালিকা আহিল, ফেচু আহিল, হেটুলকা আহিল,—আনকি বিদেশী ফেঁচা আৰু কাউৰীৰো দৌৰাত্ম তাত বাঢিবলৈ ধৰিলে। কোঢাল বৰ বেছি হ'ল। মই স্বভাৱতে শান্তিপ্ৰিয় মানুহ সেইদেখি “ৰামকৃষ্ণ দুটি ভাই। ভালে ভালে আঁতৰি যাষ।” ইষাকে থিৰ কৰি আঁতৰি পৰিলোঁ। গোটেইটো ব্যৱসাযৰ টকা-কড়ি, বেঙ্কৰ টকা হিচাপ-পত্ৰ মোৰ হাতত আৰু মোৰ নামত আছিল। সুযোগ্য অভিজ্ঞ ভ্ৰাতাক সেইবোৰ বিনা বাক্যব্যযে প্ৰত্যৰ্পণ কৰি আঁতৰি পৰিলোঁ। মনত আছে সেই সময়ত আমাৰ যুটীয়া ব্যৱসায়ৰ মূল্য স্থাবৰ-অস্থাবৰ, নগদ টকা ইত্যাদিৰে প্ৰায বাৰ লাখ টকাৰ ওপৰ।

 সম্বলপুৰত এঘৰ ওখ শাৰীৰ বঙালী ভদ্ৰলোক আছিল। তেওঁলোকেৰে সৈতে আমাৰ প্ৰায় ত্ৰিশ বছৰৰ ওপৰকলীয়া বন্ধুতা আৰু ঘনিষ্ঠতা। মই হাওৰাত থাকোঁতে তেওঁলোেক বছেৰেকত তিনি চাৰিবাৰকৈ আমাৰ ঘৰত থাকিছিলগৈ। আমিও মাজে মাজে সম্বলপুৰলৈ ফুৰিবলৈ আহি তেওঁলোকৰ ঘৰৰ আলহী থাকিছিলো। বঙালী ভদ্ৰলোকজনৰ গৃহিনীজনা সুশিক্ষিতা আৰু প্ৰখৰ বুদ্ধিমতী আছিল। (দুখৰ বিষয তেওঁ আজি ইহলোকত নাই)। মই বাৰ্ডকোম্পানীৰ চাকৰি লৈ সম্বলপুৰলৈ আহি পোনতে চাৰি-পাঁচ দিন তেওঁলোকৰ ঘৰত আছিলোঁহি। মহিলাজনাই মোক প্ৰথম সম্ভাষণতে কলে—“দেখুন মিষ্টাৰ বেজবৰুৱা। আপনাৰ মাথায় গোবৰ পোৰা। আমৰা ভাল কৰে জানি, আপনি সেই ব্যৱসাযে পাৰ্টনাৰ ছিলেন। সমস্ত টাকা-কড়ি আপনাৰ হাতে ছিল। আপনি যে লোটা-কম্বল আৰ চিম্টা‌ নিয়ে এই ৰকম কৰে বেডিয়ে এলেন, তাৰ মানে কি? অন্ততঃ হাতে দুলাখ টাকা নিয়েওতো আসতে পাৰতেন? আপনি পাৰ্টনাৰ ছিলেন যখন, কে আপনাকে কি কৰতে পাৰত? বৰং আদালতে এই ব্যাপাৰ গেলে, আপনি অৰ্দ্ধেক ব্যৱসাযেৰ অধিকাৰী হতেন।”

 মই ভদ্ৰমহিলাক মোৰ নমস্কাৰ জনাই ক’লো—“আপনি কোৱা কথা সঁচা। মোৰ মূৰটো নিশ্চয় গোবৰেৰে ভৰা। নহ’লে মোৰ মনলৈ সদায় এই কথা আহিব কিয় যে মোক ধন নালাগে লাগে শান্তি? আৰু কিয় ত্যাগ মোৰ হেপাহৰ বস্তু হব? আৰু পূৰৈশাকৰ চৰ্চৰীষা খুদ খুদ মিছা মাছ, আৰু এচিকটা লোণ আৰ্জ্জি দিনৌ পেট