পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥ষষ্ঠ আধ্যা॥

 ১৮৯৪ খ্ৰীষ্টাব্দৰ ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে সেই জয়জয় ময়ময় পৰিবাৰটোত চাৰিটা মত্যু। ডাঙৰীয়া গুণাভিৰাম বৰুৱাৰ সন্তানৰ ভিতৰত ৰ’লগৈ জ্ঞানদাভিৰাম আৰু স্বৰ্ণলতা। এতিয়া আমাৰ সকলোৰে ঘাই চিন্তা হ’ল, কেনেকৈ জ্ঞানদাভিৰামক ৰক্ষা কৰা হব। তেওঁক সমুদ্ৰ-যাত্ৰা (sea-trip) এটা দিয়াই থিৰ হ’ল। লগত শিৱনাথ শাস্ত্ৰী মহাশয়ৰ জোঁৱাযেক ডাক্তৰ বিপিনবিহাৰী সৰকাৰক দিয়া হ’ল; কাৰণ ডাক্তৰ সৰকাৰৰো গা বেয়া আছিল। ব্ৰাহ্মসকলে ভাবিলে তুলসীৰ লগত কলপটুৱাৰ মুক্তিৰ দৰে তেওঁৰো পৰিৱৰ্তন হওক— বিশেষকৈ পৰৰ খৰচতে। জ্ঞানৰ বাঈদেৱেক কালীমাইচেনা পুতেক প্ৰিয়নাথেৰে সৈতে তেতিয়া তেওঁলোকৰ লগতে আছিল। প্ৰিয়নাথক আমি জ্ঞানৰ লগত দিবলৈ মনোনীত কৰিছিলোঁ। কিন্তু সেই দাবী ব্ৰাহ্মসকলৰ দ্বাৰাই অগ্ৰাহ্য হ’ল। বি আই এছ. এন, কোম্পানীৰ লাৱাডা (S S Lawada) জাহাজত দ্বিতীয় শ্ৰেণীৰ কেৰেয়া দি জ্ঞানক বিপিন বাবুৰ সৈতে মাদ্ৰাজেদি বোম্বাইলৈ পঠিয়াই দিয়া হ’ল। সেই যাত্ৰাত প্ৰায় এমাহ লাগিছিল। তাৰ পিছত তেওঁ মুঙ্গেৰত থাকিবলৈ আহিল।গুৱাহাটীৰ শ্ৰীযুত ৰাধাকান্ত বৰুৱা তেতিযা মুঙ্গেৰত আছিল। প্ৰথমতে তেওঁৰ লগতে জ্ঞান ৰ’লগৈ। পিছত সুকীয়াকৈ ঘৰ এটা কেৰেয়া কৰি আছিল। তাত থাকোঁতেই জ্ঞানে শুনিবলৈ পালে যে য়ুৰোপৰপৰা শ্ৰীযুত ৰাধিকা ফুকন কলিকতালৈ আহিছে, তেওঁলোকৰ বিষয়-সম্পত্তি হাতত লৈ “মেনেজ” কৰিবলৈ। ১৮৯৫ খ্ৰীষ্টাব্দৰ এপ্ৰিল কি মে’ মাহত জ্ঞান মুঙ্গেৰৰপৰা আহি শ্ৰীযুত জগদীশ বসু, আৰু তেওঁৰ পৰিয়ালেৰে সৈতে দাৰ্জ্জিলিঙলৈ যায়। তাৰ পিছত পোন্ধৰ বছৰ বয়সত ১৮৯৫ খ্ৰীষ্টাব্দত জ্ঞানে বি আই এছ এন, কোম্পানীৰ ‘ডনেৰা’ নামৰ জাহাজত উঠি বিলাতলৈ পঢ়িবলৈ যায়। বিলাতত শ্ৰীযুত জগদীশ বাবুৱে জ্ঞানৰ পঢ়া-শুনাৰ বন্দবস্ত কৰি দিয়াৰ কথা আছিল। কিন্তু বসুৱে গা লাগি সেই কাৰ্য্য কৰাতকৈ গা এৰা দি ফুৰাহে দেখা গৈছিল। ডাক্তৰৰ সূচনাতে (Suggestion) জ্ঞানে অক্সফোৰ্ড বা কেম্ব্ৰিজত পঢ়া প্ৰস্তাৱটো উলটি গৈছিল। সেইটো জ্ঞানৰ শিক্ষাৰ নিশ্চয় বিঘিনিজনকহে হৈ উঠিছিল। জ্ঞান বিলাতত থাকোঁতে এবাৰ কলিকতাত ডাক্তৰ জগদীশ বসুৱে মোক তেওঁৰ ঘৰলৈ মাতি নি, তেওঁৰ যে আৰু জ্ঞান সম্পৰ্কে কোনো কাৰ্য্য কৰিবৰ ইচ্ছা নাই, সেইটো মোক কৈ, সেই ভাৰ সম্পূৰ্ণৰূপে যে মই লোৱা উচিত, তেনে প্ৰস্তাৱ কৰিছিল।

 বিলাতত গা-ভাল নথকা বাবে, জ্ঞান ১৮৯৮ খ্ৰীষ্টাব্দত কলিকতালৈ উভতি আহে। তেওঁ কিছুদিন হাওড়াৰ ৰোজমেৰি লেনৰ ঘৰত আমাৰ সৈতে থাকে আৰু তাৰ পিছত আমাৰ ঘৰৰ ওচৰতে বেষ্টিঞ্চ লেনত সৰু ঘৰ এটা কেৰেয়াকৈ লৈ থাকে। তাতে তেওঁ চাৰি-পাঁচমাহমান আছিল। স্বৰ্ণও প্ৰায় এমাহমান জ্ঞানৰ লগতে আছিলহি। তাৰ