পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
পঞ্চম আধ্যা

জগদীশ সেই কাৰ্য্যৰ নিমিত্তে ইচ্ছুক নাছিল, কিন্তু দুৰ্গামোহন বাবুৰ অনুৰোধত মান্তি হবলগীয়াত পৰিছিল। হাইকোৰ্টৰ ৰেজিষ্ট্ৰাৰ মিষ্টাৰ বেল চেম্বৰক দুৰ্গামোহন দাসে তালৈকে লৈ গৈ স্বৰ্ণক চিনাক্ত কৰি দিছিল আৰু কাকতত স্বৰ্ণৰ চহী দিয়াইছিল। দুৰ্গামোহন বাবুয়ে তেওঁৰ মৃত্যুৰ দিনলৈকে গুণাভিৰাম বৰুৱা ডাঙৰীয়াৰ বিষয়-সম্পত্তি সুকলমে “মেনেজ” কৰি আছিল।

 ইয়াৰ কিছুদিনৰ পিছত চিৰকাল য়ুৰোপ-প্ৰবাসী শ্ৰীযুত ৰাধিকাৰাম ফুকন কলিকতাত ওলালহি। জনশ্ৰুতি যে তেওঁ বৰুৱা ডাঙৰীয়াৰ বিষয়-সম্পত্তি “মেনেজ” কৰিবলৈ, হাতত লবলৈ আহিছিল। কিন্তু দুৰ্গামোহন দাস এনে কঁকিলা-দাৰৰ পক্ষে ম’হৰ শিং। গতিকে ডাঙৰীয়াৰ বিষয়-সম্পত্তি লৈ আৰু কোনো গোলমাল নুঠিল।

 কিছুদিনৰ পিছত স্বৰ্ণক ১৩ নম্বৰ কৰ্ণৱালিছ ষ্ট্ৰীটত থকা “ব্ৰাহ্ম গাৰ্লছ স্কুল”ত তেওঁৰ দুজনী জীয়েকৰ সৈতে থোৱা হ’ল আৰু; কমলা আৰু জ্ঞানক সাধাৰণ ব্ৰাহ্ম-সমাজৰ কাষত থকা “ব্ৰাহ্ম বইজ বোৰ্ডিং হাউছ”ত থোৱা হ’ল। দুখৰ কথা যে লৰা দুটি “ব্ৰাহ্ম বইজ বোৰ্ডিং হাউছ”ত থকাৰ এসপ্তাহমানৰ পিছতে কমলা জ্বৰত পৰিল। মই সততে ল’ৰা দুটিৰ আৰু স্বৰ্ণৰ বুজ-বাজ কৰিবলৈ গৈ আছিলোঁ। মোৰ আজিও মনত আছে, এদিন মই গ’লতে মোক কমলাই কান্দোনমুৱা হৈ ক’লে, “এইবাৰ মোৰ পাল।” কথাষাৰ শুনি মোৰ হিয়া ভাগি গ’ল। তথাপি মই যি পাৰোঁ কমলাক সান্তনা দি কথাষাৰ উৰাই দি কমলাৰ মনৰপৰা সেইটো ভাব গুচাবলৈ চেষ্টা কৰিলোঁ, কিন্তু বেচ বুজিব পাৰিলোঁ বেচেৰীৰ মনৰপৰা সেই ভাব নগ’ল। ডাক্তৰ নীলৰতন সৰকাৰ আৰু ডাক্তৰ প্ৰাণকৃষ্ণ আচাৰ্য্যৰ পৰামৰ্শমতে কমলাক আৰু জ্ঞানক দাৰ্জিলিঙলৈ পঠিয়াই দি, “লুই জুবিলি ছেনিটেৰিয়ম”ত থোৱা হ’ল। তাত কমলাৰ বিশেষ উপকাৰ নোহোৱা দেখি, দুইকো কলিকতালৈ আনি বিৰ্জ্জিতলাত বাবু পাৰ্ব্বতী দাসৰ (পুৰ্ণিয়াৰ এজন উকীল) ঘৰ এটাৰ দুটা খোঁটালী আৰু, “বাথৰুম” এটা কেৰেয়া কৰি লৈ তাতে থাকিবলৈ দিয়া হ’ল। ডাক্তৰ ক্ৰম্বিৰ (Crombie) চিকিৎসা চলিল। চিকিৎসাত কোনো উপকাৰ হোৱা নেদেখি ডাক্তৰ ক্ৰম্বিৰ পৰামৰ্শমতে কমলাক এটোৱালৈ (Etawah) পঠিয়াই দিয়া গ’ল। লগত দাৰোৱান ৰামভৰোসাক দিয়া হ’ল আৰু ব্ৰাহ্ম ভদ্ৰলোক এজনক কুৰি টকা দৰমহাত নিযুক্ত কৰি পঠিওৱা হ’ল। এটোৱাৰপৰা কমলা বম্বেলৈ গ’ল। ৰজনী ৰায়ৰ পৰামৰ্শ মতে তাত কমলা ডাক্তৰ আত্মৰাম পাণ্ডুৰঙৰ চিকিৎসাৰ অধীনত ৰ’ল। তাত তেতিয়া আমাৰ শ্ৰীযুত মথুৰামোহন বৰুৱা আৰু শ্ৰীযুত জয়কৃষ্ণ দাসে ডাক্তৰী পঢ়িছিল। তেওঁলোকেও কমলাৰ বুজ-বাজ লৈছিল। কিন্তু একোতেই একো নহ’ল। বম্বেৰপৰা কমলাক আকৌ লৈ আহি কলিকতাৰ ভবানীপুৰত জগ বাবুৰ বজাৰৰ ওচৰত ঘৰ এটাত থোৱা হ’ল। তাত প্ৰায় চাৰি মাহ থৈ কমলাক হোমিওপাথি, এলোপাথি, কবিৰাজী চিকিৎসা কৰোৱা হ'ল। কলিকতাৰ ডাঙৰ কবিৰাজ দ্বাৰকানাথ ভিষগৰত্ন সেনৰ চিকিৎসাও চলিল। কিন্তু সকলোবোৰ ব্যৰ্থ হ’ল।