তৃতীয় আধ্যা
[ এই আধ্যাৰ ভিতৰুৱা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত থোৰতে কোৱা কথা এটাৰ মুকলি ব্যাখ্যা স্নেহাস্পদ শ্ৰীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিষ্টাৰ) পৰা পাইছোঁ। তেওঁ লিখিছে—
“আপোনাৰ বিযাৰ সময়ত মোৰ পিতৃদেৱতা আৰু মাতৃদেৱী মোৰ ককাইদেও কৰুণাভিৰাম বৰুৱাৰ সৈতে উত্তৰ-পশ্চিম ভাৰতত ফুৰিবলৈ গৈছিল। মোৰ বাইদেও স্বৰ্ণলতাক জীয়েকহঁতেৰে সৈতে কলিকতাৰ ডাক্তৰ মোহিনী মোহন বসুৰ ঘৰত আৰু, মোক আৰু মাজু ককাইদেও কমলাক, তেতিয়া কলিকতাত থকা মাণিকচন্দ্ৰ বৰুৱাৰ ঘৰত দেউতাই থৈ গৈছিল। কমলাই আৰু মই সুকীয়াকৈ আপোনাৰ বিয়াৰ নিমন্ত্ৰণকাৰ্ড একোখন পাইছিলোঁ আৰু পাই ৰং পাইছিলোঁ। আপুনি আমাক আপুনি বুলি সম্বোধন কৰা দেখি ৰঙত আমি দুয়ো ওফন্দি উঠিছিলোঁ। শ্ৰীযুত কনকলাল বৰুৱা (ৰাযবাহাদুৰ )আৰু কাপ্টানেৰে (ভুবনচন্দ্ৰ বৰুৱা) সৈতে আমি শানকিভাঙ্গাৰপৰা গৈ আপোনাৰ বিয়াত উপস্থিত হৈছিলোঁহক। আপোনাৰ লেখাত আছে যে আমাৰ দেউতাক আপুনি বিয়াত নেদেখিলে। সেই কথাটো স্পষ্ট নোহোৱা বাবে কোনোবাই ভাবিব পাৰে যে সেই বিযা দেউতাৰ অনভিপ্ৰেত আছিল, সেইদেখি তেওঁ বিয়ালৈ নগ’ল , তেনে নহয়। বৰং দেউতা আৰু আয়ে সেই বিয়াৰ সম্বন্ধত বৰ সন্তোষ পাইছিল।”
এই শুধৰণী—প্ৰকৃতপক্ষে ব্যাখ্যা, বৰ সাদৰেৰে মই গ্ৰহণ কৰি মোৰ “জীৱন- সোঁৱৰণ’’ৰপৰা আগৰ আধ্যাত যথাস্থানত সুমাই ললোঁ।—“সোঁৱৰণ” লেখক ]
কলেজ বন্ধ হলত, ২ নম্বৰ ভবানীচৰণ দত্তৰ গলিত থকা সেই মেছটো ভাগি গ’ল আৰু মেছনিবাসী ছাতৰসকল নিজৰ ঘৰলৈ উভতি গ’ল। মোৰ মনত আছে ডাঙৰীয়া গঙ্গাগোবিন্দ ফুকনে (জি, জি, ফুকন) আমি এৰাৰ দিনাৰেপৰা সেই ঘৰটো ঘৰৰ মালিকেৰে সৈতে নিজে থাকিবলৈ বন্দবস্ত কৰি লৈছে। তেতিয়া মাহ পুৰ হোৱা নাছিল দেখি, আমাৰ ঘৰৰ কেৰেয়াখিনিও তেওঁৰ হাততে দিলোঁহক, যাতে তেওঁ গোটেইটো মাহৰ কেৰেযা একেলগে ঘৰৰ মালিকক দিব পাৰে। তাৰ পিছত মই আৰু মাজিৱে (শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা) লগ লাগি শোভাৰাম বসাক লেনত ঘৰ এটা কেৰেয়া কৰি থাকিবলৈ ললোঁ। ঘৰটো দুমহলীয়া। তলৰ মহলাত চাকৰ-নাকৰ আৰু ওপৰ মহলাত আমি আছিলোঁহক। ওপৰত তিনিটা খোঁটালী, তলতো তেনেকুৱা। ওপৰৰ খোঁটালী তিনিটাৰ সমুখত দীঘলীয়া বাৰাণ্ডা। তাৰ সমুখত চোতাল আৰু চোতালৰ পিছতে ৰান্ধনিঘৰ। আমাক দুইটা খোঁটালীয়েই জোৰে দেখি, এঘৰৰ খোঁটালী এটা এজনক ভেৰোণীয়াকৈ দিলোঁ। সেই মানুহজনৰ নাম মহেন্দ্ৰনাথ গুপ্ত। তেওঁ কলিকতাৰ “মৰ্টন স্কুল”ৰ হেডমাষ্টৰ আছিল। তেওঁৰ ঘৰ ওচৰতে এঠাইত আছিল। খোঁটালীটো তেওঁ থাকিবলৈ লোৱা নাছিল; আৰু তাত নাথাকিছিলোঁ।