ইয়াৰ কিছুদিনৰ পিছত হেনো শিৱসাগৰৰ জনদিয়েক অসমীয়া ছাতৰ কলিকতাৰ পৰা উভতি গলত, মাতৃদেৱীয়ে তাৰে এজনক মতাই নি মোৰ কথা সুধিছিল। সেইজন আমাৰ পৰিয়ালৰে সৈতে বিয়া-বাৰুৰ সম্বন্ধ থকা ডেকা। তেওঁ হেনো মাতৃদেৱীক কৈছিল, “লক্ষীনাথ ঠাকুৰৰ ঘৰত ঘৰ-জোঁৱাই চাপি থকাটো সঁচা, যদিও সি সেইটো লুকাবলৈ মাজে মাজে অসমীয়া ল’ৰাৰ মেছত থাকেগৈ। সি শহুৰেকৰ ঘৰলৈ গলে দুৱৰীৰ হাতত নিজৰ নাম লেখি টিকিট অৰ্থাৎ কাৰ্ড পঠিয়াই নিদিলে ভিতৰ সোমাব নোৱাৰে। ভিতৰৰপৰা হুকুম নহালৈকে বাহিৰত ৰৈ থাকিব লাগে।”
এই সম্বাদদাতা বন্ধুজন আজি ইহসংসাৰত নাই। তেওঁ নিশ্চয় ক্ষমাৰ পাত্ৰ।
অনেক দিনৰ পিছত মোৰ বঙ্গালী বন্ধু এজনেৰে সৈতে কলিকতাৰ শ্যামবজাৰৰ ফালে পুৱা ৯ মান বজাত খোজ কাঢ়ি ফুৰিবলৈ গৈছিলোঁ। বন্ধুজনে দূৰৰপৰা মোক আঙুলিয়াই দেখুৱালে—“সৌটো ডাক্তৰ হেমচন্দ্ৰ বানুৰ্জ্জীৰ ঘৰ। তেওঁ আপোনাৰ শিৱসাগৰতে চিভিল চাৰ্জ্জন হৈ আছিল, এতিয়া অৱসৰ লৈ আহিছে।” মোৰ কৌতুহল হ’ল। আমি তেওঁৰ ঘৰৰ কাষেদি যাবলৈ ধৰিলোঁ। মোৰ চকুত পৰিল—পেটুৱা বঙ্গালী এজনে উদং গাৰে একোছা লগুণ ডিঙিত ওলমাই, ঘৰৰ পিৰালিতে বহি লগুৱা এটাৰ হতুৱাই গাত তেল ঘঁহাইছে। বন্ধুজনে কলে, ’সেইজনেই হেমবাবু।’ এৱেঁই নে সেই শিৱসাগৰৰ ফিটফাট বানুৰ্জ্জী চাহাব। তাত তেওঁৰ চাহাবীয়ে য়ুৰোপীয় চাহাবকো হৰুৱাইছিল।
মোৰ বিযাৰ ছমাহমানৰ পিছত এদিন কলিকতাত মোৰ গুৰুদেৱ চন্দ্ৰমোহন গোস্বামী হেডমাষ্টৰেৰে সৈতে দেখা হৈছিল। তেওঁ মোক মৰমকৈ কৈছিল—“তুমি ঠাকুৰবাড়ীতে বিয়ে কৰেছ, আমি খুব খুসী হয়েছি। কিন্তু নিজেৰ বংশেৰ সম্মান ঠিক ৰেখে চলো। তুমি তাদেৰ বলে দিও—তোমাৰ যেমন বেঙ্গলে বড়লোক, আমৰাও আসামে তেমন। কোন বিষয়েই হীনতা স্বীকাৰ কৰোনা।”
গুৰুদেৱক কৃতজ্ঞতা জনাই প্ৰণাম কৰিলোঁ। ওখ শাৰীৰ বঙ্গালীৰ অন্তঃকৰণ কেনে মহৎ৷
শিৱসাগৰৰপৰা যোৰহাটলৈ গলোঁ। তাত তেতিয়া মুৰ (Moor) চাহাব চবডিভিজনেল অফিচাৰ। এই মুৰ মোৰ পিতৃদেৱতাই হাতেৰে গঢ়া মানুহ। তেজপুৰত পিতৃদেৱতা একষ্ট্ৰা এছিষ্টেণ্ট কমিছনাৰ হৈ থাকোঁতে মুৰে তেওঁৰ তলত কেৰাণীৰ কাম কৰিছিল। ’বগা ছাল’ৰ উন্নতি শীঘ্ৰে হয়। মই শিৱসাগৰলৈ উভতি অহা বাতৰি শুনি মুৰে যোৰহাটত মোৰ ককাইদেউক অসমীয়াতে কৈছিল, “সেই চপনীয়াটো হেনো শিৱসাগৰলৈ উভতি আহিছে। ইয়ালৈ আহে যদি মোৰ ওচৰলৈ তাক পঠিয়াই দিবা।’’ সুখৰ বিষয়, মই যোৰহাটলৈ গলোঁ, কিন্তু মুৰৰ ওচৰলৈ নগলোঁ৷