পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
দ্বিতীয় আধ্যা

হিন্দু সমাজৰ আৰ্হিত গঠিত। বেদ আৰু উপনিষদ তাৰ ভেঁটি। বদ-উপনিষদৰ সাৰ ভাগ গ্ৰহণ আৰু অলাগতিয়াল ভাগ বৰ্জ্জন-অৱশ্যে অবজ্ঞাভাৱে বৰ্জ্জন নহয়। মহৰ্ষিৰ এই মূল ভেঁটিৰপৰা ফাটি নৱবিধান আৰু সাধাৰণ সমাজ হ’ল; যেতিয়া প্ৰথমতে কেশৱচন্দ্ৰ সেনে আৰু তাৰ পিছত তেওৰ লগৰীয়াসকলে মহৰ্ষিৰ আদৰ্শ গ্ৰহণ কৰিব নোৱাৰা হ'ল। দয়ানন্দ সৰস্বতীৰ আৰ্য্য সমাজেৰে সৈতে আদি সমাজৰ পোন্ধৰ অনা মিল , মাথোন আৰ্য্য সমাজৰ সিদ্ধান্ত যে বেদ একেবাৰে সকলো বিষয়তে অভ্ৰান্ত আৰু হোম সকলোৰে কৰ্তব্য, ঘাইকৈ এই দুটাত বিভিন্নতা। মোৰ বিয়াত “সপ্তপদী গমন”, “স্ত্ৰী-আচাৰ”, “শুভদৃষ্টি” আৰু, হিন্দুৰ বিয়াৰ বিধিত অনুষ্ঠেয় প্ৰায় সকলোবোৰ বৈদিক মন্ত্ৰৰ সমাবেশ আছিল; মুঠতে সি শালগ্ৰাম আৰু, হোম-বিহীন হিন্দু, বিয়া। বিয়াৰ বেদীৰ কাষত প্ৰথমতে মোৰ ভাবী সহধৰ্ম্মিণীকে দেখিলোঁ। আৰু তাৰ পিছত কাপোৰৰ ঢাকোনৰ তলত “শুভদৃষ্টিত”।

 আমাৰ সপ্তপদী গমনৰ পিছত কাপোেৰৰ ঢাকোনৰ তলত দুয়ো থিয়, কাপোৰৰ আঁৰৰ ভিতৰত আনৰ দৃষ্টিৰ প্ৰৱেশ-নিষেধ , এনে অৱস্থাত আমাৰ দুইৰো যেতিয়া শুভদৃষ্টি ঘটিল, মোৰ সহধৰ্ম্মিণীয়ে ফিক্ কৰে হাঁহি পেলালে। তেওঁৰ তেনে অৱস্থা দেখি মোৰো মুখত তেনে হাঁহি বিৰিঙি উঠিল। সিফালে আমাক বৰণ কৰিবলৈ তাত সমবেত মহিলাসকলে—

আয় ৰে আয়  সোনাৰ জামাই
বৰণ কৰি শাঁখ বাজায়ে।
দেখো যেন  যেয়ো নাকো
সান্না তলায় মন হাৰায়ে।”

 হঠাৎ মনত পৰি, বিয়াৰ কিছুমান দিনৰ পিছত এদিন মোৰ গৃহিণীক সুধিছিলোঁ, তেওঁ বিয়াৰ দিনা সেই শুভদৃষ্টিৰ সময়ত সেইদৰে হাঁহিছিল কিয়? তেওঁ মোক উত্তৰ দিলে—বিয়াৰ অনেক দিনৰ আগতে তোমাক মই এদিন সপোনত দেখিছিলোঁ। মই সামাজিকত দেখা মুখখনেৰে সৈতে তোমাক হবহুকৈ মিলি মোৱা দেখি মোৰ হাঁহি উঠিছিল। সন্দিগ্ধ চিত্তৰ (sceptic) মানুহে কথাষাৰ পতিয়াবলৈ টান পাব বুলি মই বুজিছোঁ; মই কিন্তু নাপাওঁ। তাৰ কাৰণ বিয়াৰ দিনাৰপৰা আজিলৈকে মই নানা বিষয়ত আৰু, নানা অৱস্থাত দেখি আহিছোঁ যে তেওঁ কেতিয়াও মিছা কথা নকয়; আৰু সদায় ধৰ্ম্মভীৰু (pious)। জোড়াসাঁকোৰ পৰিয়ালৰ ভিতৰতো তেওঁৰ সেই সুখ্যাতি আছে। মোৰ কথাষাৰ পক্ষপাতমুলক বুলি যাৰ পতিয়াবৰ মন নাযায়, সেইজনে নপতিয়ালেও মই বেয়া নাপাওঁ, মই মোৰ জ্ঞান-বিশ্বাসমতে কৈ থলোঁ মাথোন। মোৰ সৈতে তেওঁৰ বিয়াৰ সম্বন্ধ হোৱাৰ আগেয়ে কেইবাবাৰো একোজন কৃতী শিক্ষিত আৰু সম্ভ্ৰান্ত পৰিয়ালৰ ডেকাৰে সৈতে তেওঁৰ বিবাহৰ সম্বন্ধ প্ৰস্তাৱ হৈছিল। প্ৰত্যেক বাৰতে তেওঁ দৃঢ়ভাৱে অসম্মতি প্ৰকাশ কৰিছিল। কিন্তু কিয় কব পৰা নাযায়, মোৰ বেলিকা তেওঁ একেষাৰতে হুঁ; বুলি সম্মতি দিলে। অথচ তেওঁ মোক চৰ্ম্ম-চকুৰে আগেয়ে কেতিয়াও দেখা নাছিল। এই প্ৰহেলিকাৰ তাৎপৰ্য্য

২য়-২