সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
মোৰ জীৱন-সোঁৱৰণ

আগতে ঘটা স্নেহলতাৰ এইত জাহ; আৰু সিদিনাও চাৰিজনী অবিবাহিতা বায়েক-ভনীয়েকে বাপেকক ধ্বংসৰপৰা ৰক্ষা কৰিবলৈ স্ব-ইচ্ছাতে কানি পান আৰু আত্মহত্যা কৰা। মই সেই কৰ্ম্মচাৰীজনক উত্তৰ দিলো,“—আসামত অসমীয়া মানুহৰ ভিতৰত ধন লৈ হোৱালী বিয়া কৰোৱা প্ৰথা নাই। অসমীয়াই অন্তৰেৰে সৈতে তেনেকুৱা প্ৰথাক ঘিণ কৰে। মই বঙ্গদেশৰ ভিতৰত শিক্ষিত সুমাৰ্জিত আৰু শ্ৰেষ্ঠ পৰিৱাৰত বিবাহ সম্বন্ধেৰে বান্ধ খাবৰ নিমিত্তেহে প্ৰস্তুত হৈছোঁ; বণিয়াৰ দৰে ধন-বিত বিচাৰি সেই কাৰ্য্য কৰিবলৈ ওলোৱা নাই।”

 মোৰ উত্তৰটো শনি কৰ্ম্মচাৰীজনৰ মুখখন জামৰি গ’ল। তেওঁ ক্ষমা-প্ৰাৰ্থনা কৰি উঠি গুচি গ’ল; অৱশ্যে মোক মহামূৰ্খ বিদেশী অসমীয়া বুলি পেটে পেটে ভাবিছিলনে নাই, মই কব নোৱাৰোঁ। মোৰ বিয়াৰ পিছত মোৰ সহধৰ্ম্মিণীৰ মুখৰপৰা শুনিছিলোঁ যে “কৰ্তামশায়” অৰ্থাৎ তেওঁৰ ককাদেউতাক মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰে মোক দিবলৈ দহ হাজাৰ টকা তেওঁৰ কাছাৰীৰ খাজাঞ্চিৰ হতুৱাই টোপোলা বন্ধোৱাই থৈছিল। তেওঁলোকৰ পৰিয়ালত আগে-পিছে জোঁৱায়েকে তেনেকৈ টকা লয়; তেহেলৈ সেইজন ‘বিলাত-ফেৰ্ত্তা’ই হওক বা স্বদেশতে বংশমৰ্য্যাদা আৰু লেখা-পঢ়াত জিলিকাই হওক। মই নলওঁ বুলিলোঁ দেখি সেই টকা দিয়া নহ’ল। গৃহিণীৰ কথা শুনি মই দুঃখিত হোৱা দূৰত থাকক, আত্মগৌৰৱ অনুভৱ কৰি মিচিক কৰে মাথোন হাঁহিলোঁ। ৰায়বাহাদুৰ গুণাভিৰাম বৰা ডাঙৰীয়াই খুব সম্ভৱ, কেনেবাকৈ এই কথাৰ সম্ভেদ পাইছিল। তেওঁৰ ঘৰত মোক সস্ত্ৰীক নিমন্ত্ৰণ কৰি খুউৱা দিনা, তেওঁ তেওঁৰ হাতৰ তলুৱাখন মেলি ঠোলা পাতি দেখুৱাই মোক আকাৰে-ইঙ্গিতে এইদৰে কৈছিল-“আমি বামুণ মানুহ। বামুণে সদায় সোঁহাতৰ তলুৱাখন ঠোলা পাতি হয়। লুটিয়াই উবুৰিকৈ নথয়।” সেইদিনাও সেই কথাত মোৰ মুখত মিচিকিয়া হাঁহি বিৰিঙিল।

 মই বিয়াৰ দিনাহে, আমাৰ অসমীয়া মাতেৰে কবলৈ গলে, “হোমৰ গুৰি”ত প্ৰথমতে মোৰ ভাবী সহধৰ্ম্মিণীৰ মুখখন দেখিছিলোঁ। অৱশ্যে আমাৰ বিয়াত “হোম-পোৰা” হোৱা নাছিল। কাৰণ আদি ব্ৰাহ্মসমাজৰ বিধি মতে আমাৰ বিয়া হৈছিল; তাত হোম পুৰি বিয়া দিয়াৰ বিধান নাই, শালগ্ৰাম আৰু হোমৰ বাহিৰে হিন্দু, বিয়াৰ সকলো আচাৰৰ ব্যৱস্থা তাত আছে।

 কেশববাবুৰ “নব-বিধান”ত আৰু সাধাৰণ ‘ব্ৰহ্মসমাজ’ত প্ৰচলিত ৰেজিষ্টাৰী বিয়াও “আদি-ব্ৰাহ্মসমাজ”ত নাই। সেই দেখি, আদি-ব্ৰাহ্মসমাজৰ আন আন কাৰ্য্যতো হিন্দুৰ ৰীতি-নীতিলৈ সৰহীয়া পক্ষপাত দেখি সাধাৰণ ব্ৰাহ্মসমাজৰ বৰকৈ আগ বাঢ়োতা go-ahead সকলে আদি-ব্ৰাহ্মসমাজক হিন্দু-সমাজ বুলি ইতিকিং কৰে। সুখৰ বিষয় যে আদি-ব্ৰাহ্মসমাজভুক্তসকলে সেই ইতিকিং compliment অৰ্থাৎ নিন্দা নুবলি বন্দনা বুলিহে লয়। আজিলৈকে চেঞ্চাছ ৰিপৰ্টোত আদি ব্ৰাহ্মসমাজৰ মানুহে নিজক হিন্দু বুলি লেখাইহে গৌৰৱ অনুভৱ কৰে। মহৰ্ষিৰ মুখ্য idea বা ভাবেই গুৰিৰেপৰা তেনেকুৱা। আদি সমাজ বৈদিক কালৰ অপৌত্তলিক আৰ্য্য