অলকাৰ বৰ্ণনা।
( মেঘদূত—কালিদাস )
অলকাত নিতে গছে গছে ফুলে অসংখ্য অলেখ ফুল, কৰে মধুপান বিহৰি গুঞ্জৰি মত্ত দুই অলিকুল৷ পদ্মে ভৰপুৰ আছে সৰোবৰ ৰাজহংস তাত চৰে, ঘৰুৱা ম’ৰাই কেকাৰৱ কৰি ঘনে ঘনে চালি ধৰে।