পৃষ্ঠা:মূৰলী.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

—মূৰলী—

 ক’তনো আহিলা এৰি,
 নেপাই বনত ঘূৰি,
বিচাৰিছা আহি তুমি মানৱৰ ঠাই;
 তুমি হে বিৰহী পখি,
 ক’তনো এৰিলা সখি,
ক’তনো তোমাৰ সখি আছেনো লুকাই?

 তোমাৰ শুৱলা মাত,
 শুনি পৰে হিয়া শাঁত,
নিতউ আহিবা তুমি ইদৰে মাতিব;
 তোমাকেই চাই মই,
 সখিৰ স্থানীয় হই,
সাজু হই ৰম সদা সমিধান দিব।

 নুফুৰিবা তুমি পখি,
 বিচাৰি তোমাৰ সখি,
নহবা কাতৰ তুমি বিৰহীৰ দৰে;
 তোমাৰ দেখিলে দুখ,
 নেথাকে মনত সুখ,
পৰাণ কাতৰ হয় বিননীয়া সুৰে।

১০