পৃষ্ঠা:মূলা-গাভৰু.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৪৯ ] নিবা সেনা বয় বস্তু যত লাগে মানে, সকলো দিহাৰ ভাৰ এৰিলোঁ তোমাত। ঈশ্বৰ সহায় হৌক কৰোক মঙ্গল। আহা ঘুৰি লভি জয় কৰিলে। কামনা। চা। জয় পৰাজয় কথা কালৰ গৰ্ভত। নোৱাৰে বুজিব নৰে বিধিৰ বন্ধন। হলে মুখামুখী বৈৰী ৰণৰ থলত জীৱন মৰণ ভাব নেথাকে মনত। জিকিলে আহিম ঘুৰি লভিম সন্তোষ হেৰি তবু পদ, ভাৰ্য্যাৰ শ্ৰীমুখ। যদি যায় প্ৰাণ, নাই একো দুখ হয় যদি তাত দেশৰ মঙ্গল। মাগিলে। বিদায় আৰু আশীৰ্ব্বাদ। (ওলাই যায়) স্বঃ। গোটেই জীৱন গ'ল চিন্তা ভাবনাত। ৰাজ্য ভোগ নোহে ইটো! বিপদৰ ভাৰ। নোহে সিংহাসন ইটো! হুলব আসন। ইয়াকে মানুহে ভাবে সৌভাগ্য সন্তোষ সপোনতে| নিৰ্মিলয় সুখ শান্তি য'ত! 101 8