পৃষ্ঠা:মূলা-গাভৰু.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 89 ] বিপদত বিবুদ্ধি জ্ঞানীক নুশুৱায়; নকৰে ক্ষত্ৰিয় জাতি সঙ্কটত ভয়। জন্মভূমি ৰক্ষা কৰা নৰৰ কৰ্ত্তব্য। স্বাধীনতা কেনে বস্তু পশুৱেও জ নে। ৰাজ ভক্তি পূৰ্ণ আছে তযু প্ৰজা সৱ; কৰিব অৰ্পণ প্ৰাণ ৰাজ্যৰ সেৱাত ) লাগে মাত্ৰ আজ্ঞা তযু। যাওঁ এইক্ষণে কাৰ্য্য ক্ষেত্ৰ লাগি। হওঁগই মুখামুখি শত্ৰুৰ লগত। প্ৰস্তুত সকলো আছে। স্বঃ। ঘাই মন্ত্ৰী তুমি মোৰ। আৰু দিলো পদ – বৰ সেনাপতি। এৰিলে। সকলো ভাৰ তোমাৰ মূৰত। লম আৰুগুণ কত নো তোমাৰ। তোমাতেহে মোৰ সকলো ভৰশা। যেনে ভাল কৰা দিহ৷ ৰনৰ নিমিত্তে। বিপদ আশঙ্কা হৈছে জনম ভূমিৰ উচিত সবাৰে৷ তাৰ প্ৰতিকাৰ কৰা। কিন্তু আগধৰি তুমি নেযাব৷ ৰণত। পাঁচ৷ আন সেনাপতি সোনাৰ লগত। কৰোক গৈ সবে যাই যুদ্ধৰ আৰম্ভ।