পৃষ্ঠা:মূলা-গাভৰু.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাঙা হিৰেন্দ্ৰ নাথ বেজবৰুৱাৰ পৰিৱাল বৰ্গ মাধৰা আলি, যোৰহাট উৎসৰ্গ পত্ৰ। প্ৰাণৰ পোনা চন্দ্ৰকান্ত ও ইন্দ্ৰকান্ত, তোমালোকৰ দুয়োটি ভায়েৰে দুপাহি পাৰিজাত ফুলৰ নিচিনাকৈ ফুলি মোৰ সংসাৰ নন্দন কাননত স্বৰ্গৰ ৰেহৰূপ দেখুৱাই মোক মুগ্ধ কৰি ৰাখিছিলাহঁক। আজি কিন্তু তোমা- লোক কত! এই নাটকথানি ছাপা কবি উলিয়ালে অভিনয় কৰিবলৈ ভাল হব বুলি কৈ মোক নাটক ছপোৱা কামত লগাই, তোমালোক দুয়োটি ভায়েৰ ২২ দিনৰ আগপিচা কৈ ইমান কোমল বয়সতে এই অবিচাৰী আৰু অমঙ্গলীয়া সংসাৰৰ পৰা অনন্ত অজান শান্তিপূৰ্ণ জগতলৈ গুচিগলাহঁক। এতিন্ন! তোমালোকে ইচ্ছা কৰা দৰে নাটক ছপা হৈ ওলাল কিন্তু অভি নয় কৰিব খোজা তোমালোক ক'ত! তোমালোকৰ লগৰীয়া আৰু সমনীয়া বন্ধুবিলাকে এই নাটক অভিনয় কৰিলেও স্বৰ্গত তোমালোকৰ আত্মাই তৃপ্তি আৰু সন্তোষ লাভ কৰিব বুলি আশা কৰি চকুৰ লে| টুকি টুকি এই নাটক ছপাই শেষ কৰিলোঁ। স্বৰ্গৰ বস্তু স্বৰ্গলৈ গ'লাগৈ। তোমালোকৰ অবিহনে তোমালোকৰ “মামা” আৰু দেওতাৰে বুকত শোকৰ জুই একুড়া