পৃষ্ঠা:মূলা-গাভৰু.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম অঙ্ক তৃতীয় পট। ( মূলাগাভকৰ চ'ৰা ঘৰ। মুলা পহিলা সখীৰ লগত বহি ফুলব মলা গাঁথিছে। ) মূ। সখি, তুমি গম পোৱা নাই! জয়ন্তীত চুক্লেং কোঁৱৰৰ বৰ মন খাইছে। কিন্তু তাই হৈছে স্বৰ্গদেৱৰ ভেটী পোৱা বস্তু। ইফালে আকৌ তাই পেটে পেটে নগা কোঁৱৰকহে ভাল পায়। নগা কেঁাঁৱৰেও তাইতে চকু দিছে। ইয়াৰ পৰা কিবা এখন থোৱা কামোৰাহে হবগৈ হলো। প। জানে৷ সখি! মই সেইবোৰ কথাৰবাদ বিচাৰ লোৱা নাই দেও। সেইবোৰ কথা কৈ লোকে ফুচফুচুৰা হলে শুনিছোঁ। ( প্ৰবেশ) মূ। সেইটি জয়ন্তীনে কি। আহ আহ। তোৰ আয়ুস বাঢ়িব পায়! জ। কিন্তু নাহীদেও! কি হৈছে! মৃ। তোৰ কথা কওঁতেই ওলালিহি। তোক দেখোন আজি কালি দেখি পাৰলৈকে নাই। জ। এৰা মাহীদেও! কালি আহিবলৈ ধৰিছিলোঁ। পাচে এটা লেঠাত পৰি আহিব নোৱাৰিলোঁ!