পৃষ্ঠা:মুক্তাৱলী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগকথা।

 এই ক্ষুদ্ৰ পুস্তিকা কেইটামান চাণক্য শ্লোকৰ আৰু দুই এটা অন্য শ্লোকৰো ভাঙনি মাত্ৰ। ইয়াৰ শব্দাৱলীৰো, পৰা যাই মানে, মূলৰ লগত মিল ৰাখিবলৈ যত্ন কৰা হৈছে। তেও বুলি, মূল ৰচনাৰ সোৱাদ ইয়াত নোলায়। কোনে৷ কোনে৷ ঠাইত মূল শ্লোকৰ অকল ভাবহে ৰাখিব পৰা গ’ল। তেনে ঠাইত, মূলৰ পৰা ভাঙনিৰ অলপ অচৰপ্‌ লৰ্ চৰো ঘটিছে। পুস্তিকাৰ শেহত মূলশ্লোক খিনিও দিয়া আছে, আৰু তাৰ নম্বৰ ভাঙনিয়ে সৈতে মিলাই দিয়া হৈছে।

 পোনৰ ১২০ ট৷ ভাঙনি বৰ্ণমালাৰ অনুসাৰে, আৰু তাৰ পাচৰ খিনি, ভাবৰ সংসৰ্গ থকা বাবে, অৰ্থমতে সজোৱা হ’ল।

যোৰহাট
১৫।৮।৫৭