পৃষ্ঠা:মুক্তাৱলী.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জগন্নাথ বৰুৱা কলেজৰ ভূতপূৰ্ব্ব অধ্যক্ষ
৺তুলসীনাৰায়ণ শৰ্ম্মাদেৱৰ অভিমত।

মুক্তাৱলী— সাহিত্যৰত্ন শ্ৰীযুত চন্দ্ৰধৰ বৰুৱা ডাঙৰীয়া প্ৰণীত।

 আজি প্ৰায় দুহেজাৰ বছৰৰ ওপৰ কাল চাণক্যৰ নীতিশ্লোক সমূহে ভাৰতীয় জনসমাজত সমাদৰ পাই আহিছে। চাণক্য বা কৌটিল্য অশেষ প্ৰতিভাশালী লোক আছিল। তেওঁৰ ৰচিত বৃদ্ধ-চাণক্য, লঘূ-চাণক্য আৰু অৰ্থশাস্ত্ৰই তেওঁৰ অভিজ্ঞতা, দূৰদৰ্শিতা আৰু গভীৰ শাস্ত্ৰজ্ঞানৰ পৰিচয় দিয়ে। চাণক্যৰ নীতিশ্লোক সমূহ পৰৱৰ্ত্তী গ্ৰন্থকাৰ সকলোৱেই অনুসৰণ কৰিছে। অনেক সময়ত ব্যক্তিগত জীৱনত দ্বিধাবোধৰ উদ্ভৱ হ’লে চাণক্যৰ নীতিবাক্যই সেই সমস্যা খণ্ডন কৰে।

 সাহিত্যৰত্নদেৱে এই পুথিখনিত ১৩৮ টা নীতিশ্লোকৰ সৰল ভাঙনি পদ্যত লৰাছোৱালীৰ মনত লগাকৈ লিখিছে। পুথিখনিৰ সৰহ ভাগেই চাণক্যৰ নীতিশ্লোকৰ ভাঙনি, দুই এটা শ্লোক মহাভাৰত আদিৰ পৰা লোৱা হৈছে। সাহিত্যৰত্নদেৱৰ ভাষা অসমীয়া সাহিত্যিক সমাজৰ সুপৰিচিত। চাণক্যৰ ৰত্নসমূহে অসমীয়া ভাষাত সাহিত্যৰত্নদেৱৰ পৈণত লিখনিৰ পৰা যথাৰ্থতে “মুক্তাৱলী” ৰূপেই প্ৰকাশ পাইছে।

 আমি আশাকৰো— এই “মুক্তাৱলী” অসমীয়া ছাত্ৰ-ছাত্ৰী সমাজৰ জীৱন পথত সহায় হ'ব আৰু ইয়াক তেওঁবিলাকে হেঁপাহেৰে আদৰিব।

যোৰহাট
২৯।৮।৪৬
( স্বাঃ ) শ্ৰীতুলসীনাৰায়ণ শৰ্ম্মা