সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভা 5 15 ভা হ ভা 00 G N G মহৰী পঞ্চম দৰ্শন হলিৰামৰ চ'ৰাঘৰ (হলিৰাম বহি আছে) (কঁপি কঁপি ওলাই) বৰ মহৰী ডাঙৰীয়া! কি কৰিম? কি কৰিম? এটা উপায় দিয়ক। কি হ’ল, বোপা! কি হ'ল? মোক আজি বৰ চাহাবে আপিচলৈকে মাৰিবলৈ খেদি আহিছিল। মই কোনোমতে পলাইহে সাৰি আহিছোঁ। কেলেই পলালা? চাহাবৰনো খং উঠিল কিয়? (বেজাৰেৰে) সেইবোৰ কথানো কি ক’ম? আজি মই আপিচত বহি থাকোঁতে, চকীদাৰে চাহাবৰ চিঠি এখন লৈ আহিছিল। মই চিঠিখন মাতিবই নোৱাৰিলোঁ। পিছে, চাহাব মিস্ত্ৰিখানাত আছে বুলি শুনি, কতখনকে উমানতে দি পঠিয়ালোঁ। হাজিৰা মহৰীয়ে পঢ়ি পেলাই কলে বোলে হেম্মাৰ (হাতুৰী) এটাহে খুজিছিল। এনেতে চাহাব জমদগ্নি মূৰ্তি হৈ পালেহিয়েই। পিছে, ম‍ই চাহাব নৌ আপিচ পাওঁতেই পলাই গুচি আহিলোঁ। এতিয়া মোক নেপাই চাগৈ খঙত জ্বলি- পকি মৰিছে। মোক বিচাৰিবলৈ কেউফালে মানুহ-দুনুহো পঠিয়াব পায়। মৰা পৰিলোঁ, ম‍ই মৰা পৰিলোঁ। গোমসাপৰ কণী ভাঙিলা যেতিয়া, এতিয়া আৰু ৰাইখ নাই। তোমাক পালে পিঠি ডৰাডৰ কৰিব। পাৰা যদি তুমি বাগিচাৰ মাজে মাজে চাহ গছৰ আঁৰ হৈ ঘৰলৈ পলাই যোৱাঁগৈ। নহ'লে তোমাৰ ফালে পতং। হয়, বেলি নাই। যিহকে কৰিবলৈ কয় তাকে কৰোঁ। অইন আৰু কি কৰিবা? পলোৱাইহে মাথোন উপায়। পিছে, এই কিদিন কাম কৰা দৰ্মহাৰ কি হ’ব? ৩৮