মি § ☑ ভা 2) 2) মি 00 00 00 মহৰী চতুৰ্থ দৰ্শন অফিচ ঘৰ (ভাবিৰাম আৰু মিনাৰাম তুমিনো কেনেকৈ চিনাকি হ’লা? আগৰেপৰা চিনি পোৱা হ’বলা? সিদিনা আহিয়েই ঘুনুক-ঘানাক্কৈ শুনিলোঁ বোলে ৰংপুৰৰ ডুমুনী এজনী চাহাবটোৰ মেম। তাই যি কয় চাহাবে তাকে শুনে। পিছে, মই মনতে চিনি পাওঁ কি চাওঁ বুলি গৈ দেখিলোঁ যে এ’তাই আমাৰ ৰংপুৰত থাকোঁতে ঘৰে ঘৰে মাছ বেচি ফুৰিছিল। গৈয়েই চিনি পাই মাত দিলোঁ। তাই মোৰ বাবে চাহাবক বৰকৈ খাটিব খুজিছে। কেদিনমান হক, তোমাৰ নিমিত্তেও ক’ম দেই? এৰা, তাই তোমাৰ উপকাৰ কৰোঁ বুলিলে পাৰে। তালৈকে কৰিলেহে আকৌ? যেই হক লাগে, কোনোমতে আমাৰ কামটো চলি গ'লেই হয় তুমি ইয়াত কিমান দিন আছা? আজি এবছৰ সাতমাহমান হৈছে। নোৱাৰি দেও। ইয়াত টিকা বৰ টান। চাহাবক কুলীবোৰে যি কয় তাকে শুনে। ঘৰত খেজেনাৰ টান দেখিহে বোলোঁ কোনোমাতে খুৰৰ সাঁকোতে বগাই তেও মানুহ ঘৰ ৰক্ষা পৰোঁ; সেইহে আমি দুখে-সুখে দিনকেটা নিয়াইছোঁ। তুমি জানো ইয়াত মৰিবলৈ কেলৈ আহিছিলা? বৰ মহৰীজনকো কম নেভাবিবা, তেওঁ টুটকীয়া লগোৱাৰ পোনে জানিবা স্বয়ং দেৱৰ্ষি নাৰদ। আমাৰো পৰা তেওঁ ভেটি খাবলৈ বিচাৰে। তোমাক একো কোৱা নাই নে? 0 মোক কি কব? মইতো তেওঁক খাটি-লুটি কাম লোৱা নাই। দদাইদেৱে চাহাবলৈ চিঠি লিখি ঠিক-ঠাক কৰি দিছে, ময়ো চাহাবৰ হুকুম মতে সম্প্ৰতি কাম কৰিছোঁ। তেওঁক দেখিলে দেখোন টুটকীয়া বুলি নেজানি! বৰ জাতি যেনহে দেখি। কেতিয়াবা তেওঁ তোমাৰ টুটকীয়া লগাইছিল জানো? দেখা নাই নে মুখখনি কেনে মিঠা? পেটটো তেনেই বিহৰেই ভৰা। মোৰ টুটকীয়া লগোৱাৰ কথাহে সুধিছা? এবাৰ বৰ ঘৰত ভাত ৩৬
পৃষ্ঠা:মহৰী.pdf/৩৯
অৱয়ব