মা ফ 20 মা মা ফ 20 মা 41 ফ 00 00 মহৰী (ফক্সক) হেৰৌ, এইসন কি কৰিছ? ল'ৰাটোৱে ভয় কৰিছে দেসা নাই হ’বলা। (থৰক-বৰককৈ ভেকোলাৰ ফালে গৈ) টুমি বয় কৰিব নাই লাগে। মই পাগলা আডমী নেই আছে, বুজিছে? (কঁপি কঁপি) হেৰেই বাইটি! মোৰ আকা পানী চুব লাগিছে। তই মোক বাহিৰ কৰি থহি। ই, এইটো! ইয়াৰ ভয়ৰ গোটটো আও! ইয়ালৈকে আকৌ পোন - মৰাটো হৈ উপজিছিলি? (ফক্সক চকীখনৰ ওচৰলৈ ধৰি লৈ গৈ) মদাহী বুঢ়া লাপুং, তইচোন ইয়াতে বহ। g (বহি) টোমাক ডেকিলে মই চব ডুক বুলি যায়। বুজিছে? টোমাৰ বাইক মাটি আনিব লাগে। (ভেকোলাক) ইউ, চালা চাহেব! টুমি আহিব লাগে। 00 00 (কন্দনামুৱা হৈ) হেৰৌ এইজনী, তই মোক মাৰিবলে কেলেই ইয়ালৈ আনিছিলি? মোৰ এতিয়ান কাপোৰ-কানিয়ে যায়হে লাগে। (ভেকোলাৰ হাতত ধৰি) আহচোন বাৰু, ভিনিহীয়েৰে তোক মাতিছে, ওচৰ চাপি আহ, তোক সাই নেপেলায়। (ভেকোলাক) টুমি মোৰ মেমচাহেবৰ জেকেট্ আৰু চাৰী পিণ্ডি মেমচাহেব হৈছে? (ধেমালিতে হাঁহি হাঁহি) টুমি মোৰ ছোট মেমচাহেব আছে। টুমি হড়ায় মোৰ বঙলাত টাকিব লাগে। বুজিছে? (চকীৰ পৰা থৰক-বৰককৈ উঠি) মই কি জানি, এটিয়া টোমাক মৰম কৰিব হ’বলা। (কান্দি কান্দি) আই ঔ! মোক এইজনীয়ে ইয়ালৈ আনি ভাল হাৰাশাস্তি কৰিছে। মই অকলৈয়ে যাওঁ ঐ! (ভেকোলা লৰ মাৰি গুচি গ'ল ) ৩৫
পৃষ্ঠা:মহৰী.pdf/৩৮
অৱয়ব