সমললৈ যাওক

পৃষ্ঠা:মহৰী.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতনি অইন ভাষাত যেনে সৰহীয়াকৈ ধেমেলীয়া নাট আছে, সেইদৰে অইন কি, আমাৰ ধেমালি কৰিবলগীয়া নাট নাই বুলি ক'লেও দিৰাই কোৱা নহয়। হেন জানি, পোন প্ৰথমে এই পানীকেঁচুৱা “মহৰী’টিকে বিহুৰ বাবে ৰাইজৰ আগত থিয় কৰা হ’ল। ই মৰম-বেথা পোৱা যেন দেখিলেহে এনে কামলৈ আকৌ সাহ হ'ব। নকৈ নোৱাৰিলোঁ যে ‘মহৰী’য়ে কঁকালত নৌ দুখনীয়া কাছুটি ল'ব পৰা হওঁতেই ১৮৯৩/৯৪ খ্ৰীষ্টাব্দৰ অসমীয়া সাহিত্য সভাৰ বছৰেকীয়া উৎসৱত এবাৰ ৰং দেখুৱাইছিল। ‘মহৰী’ৰ আগৰেপৰা গুৰিলৈ মৰম কৰি চকু ফুৰাই দিয়া বাবে শ্ৰীযুত ৰমাকান্ত বৰকাকতী বি-এল ডাঙৰীয়াক অন্তৰেৰে সৈতে শলাগ লৈছোঁ। কলিকতা ১ লা বহাগ, ১৮১৮ শক ০.৩৫ শ্ৰীদুৰ্গাপ্ৰসাদ