পৃষ্ঠা:মহাসতী জয়মতী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ সংশোধনৰ প্ৰয়োজন নাই
১০
মহাসতী জয়মতী ।

আগৰ দৰে গধুৰ দেখা নাই। মুখত যদিও হাঁহি প্ৰস্ফুটিত হোৱা নাই, তাথাপি যেন তাত আনন্দৰ বিৰিঙনি দেখা পোৱা গৈছে”। এইদৰে মনতে গলা-গপা কৰি জয়মতীক ক'লে “সখী, দলৈৰ ভৱিষ্যৎ-বাণী শুনিলা। এতেকে শুভকাৰ্য্যত পলম কৰাৰ সকাম নাই। তোমাৰ মনৰ কথাটি এতিয়া ভাঙি কোৱাচোন”। জয়মতীয়ে কলে “তোমাৰ কথাকে সাৰোগত বুলি মানিলোঁ। দলৈৰ বাণী জানোচা সচাঁ হয়েই”। মতীয়ে ক'লে “তুংখুঙীয়া ফৈদৰ এজন কোৱঁৰ আছে, তেওঁ সকলো প্ৰকাৰে তোমাৰ যোগ্য স্বামী হব। মই অহু-কাণে পহু-কাণে শুনিবলৈ পাইছোঁ, তেওঁ হেনো তোমাক হে বিয়া কৰিব খোজে। তুমি মত দিলে ম‍ই যো-যা কৰিব পাৰে৷”। জয়মতীয়ে ক'লে “মই গদাপাণিক চোদছো। তেওঁ হৃষ্ট-পুষ্ট বলিষ্ঠ আৰু সকলো কোৱঁৰৰ দলপতি। দেউতা আৰু আইতাই তেওঁৰে সৈতে সম্বন্ধ পাতিবলৈ নিশ্চয় কুণ্ঠিত নহ'ব”। এই বেলি ভানুমতীয়ে হাঁহি পেলালে আৰু ক'লে “সখী আজি মোৰ ভানুমতী নাম সাৰ্থক হ'ল”। ভানুমতী যাদুৰে তোমাক সম্মোহিত কৰিলোঁ। এতিয়া ম‍ই কামত লাগি যাওঁ গৈ। কাম অনায়াসে সিদ্ধ হ'ব। সখী, তোমাৰ মনটো এতিয়া পাতল লাগিছে নে? “জয়মতীয়ে কলে” মনত উলাহে৷ লাগিছে। কিন্তু বিয়াৰ নিমিত্তে নহয়। গদাপাণিক জীৱনৰ সঙ্গী পাই তেওঁৰ দ্বাৰা আহোম ৰাজত্ব সু-প্ৰতিষ্ঠিত কৰিব পাৰিম বুলি মোৰ মনত