পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


 বিকৰ্ম্ম অকৰ্ম্ম কৰ্ম্ম এহিতো ত্ৰিতয়।
 বেদেৰেসে যত জানা লৌকিক নহয়॥
 যাক বেদ বোলে সিটো ঈশ্বৰ সাক্ষাত।
 যিটো ঈশ্বৰত হন্তে হৈয়া আছে জাত॥
 ইহাৰ অৰ্থত মোহ হোৱে মহাজ্ঞানী।
 বেদৰ তত্ত্বক পাইব আন কোন প্ৰাণী॥

(নিমিনৱসিদ্ধ, ২০৭—২০৯)

২। কৰ্ম্মেসে ওপজে জন্তু কৰ্ম্মেসে প্ৰলয়।
 সুখ দুঃখ শোক ভয় কৰ্ম্মেসে মিলয়॥
 আছম্ভ ঈশ্বৰ যদি ফল-দাতা হোন্ত।
 কৰ্ম্মীক পাৰন্ত অকৰ্ম্মীৰ কিছু নন্ত॥
 শুভাশুভ ভুঞ্জে লোক নিজ কৰ্ম্ম-ভাগে।
 ইন্দ্ৰক পূজয় কিয় ইন্দ্ৰ কৈত লাগে॥

(দশম, ১০০৬–৭)

⸻⸻

কৰ্ম্ম-যোগ

১। যিমত গহন কৰ্ম্ম শুনা পৰিচ্ছেদ।
 শিক্ষা দেই মূঢ়ক পৰোক্ষ বাদে বেদ॥
 স্বৰ্গ-সুখ আদি লোভ লগাই প্ৰথমত।
 প্ৰৱৰ্ত্তান্ত অজ্ঞানীক সকাম কৰ্ম্মত॥