সমললৈ যাওক

পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

২। বৈকুণ্ঠ নগৰ যেন শুনা পৰীক্ষিত।
 যাত কৰি শ্ৰেষ্ঠলোক নাহি কদাচিত॥
 নাহি তাত কাম ক্ৰোধ লোভ মোহ ভয়।
 আত্মজ্ঞানী হুয়া সৱে স্তুতিসে কৰয়॥
 কালৰ বিক্ৰম প্ৰকৃতিৰ গুণচয়।
 বৈকুণ্ঠ পুৰত কদাচিতো নাহিকয়॥
 সৰ্ব্বক্ষণে অখণ্ড অনন্দ জয় জয়।
 কেৱলে ভকতে তাত নিবাস কৰয়॥

(দ্বিতীয়, ১৯৮—১৯৯)

৩। ব্ৰহ্মাণ্ডৰ বাজ সিটো কৃষ্ণৰ নগৰ।
 কদাচিতো নোহে নাশ জানা মুনিবৰ॥
 প্ৰপঞ্চৰ ভিতৰ নুহিকে সিটো খান।
 ভক্তৰ নিমিত্তে কৃষ্ণে কৰিছা নিৰ্ম্মাণ॥
 জ্ঞান কৰ্ম্ম যোগ যাগ তপস্যা আচৰে।
 কদাচিতো বৈকুণ্ঠক নযায় সিটো নৰে॥

(দ্বিতীয়, ৮১-৮২)

কৰ্ম্ম

৯। বেদে যাক বিহিয়াছে তাকে বুলি কৰ্ম্ম।
 বেদে যাক নিষেধিলে সেহিতো অকৰ্ম্ম॥
 বিহিত নাচৰি হয় বিকৰ্ম্ম পাতেক।
 এহি তিনি বিধ কৈলো তোমত প্ৰত্যেক॥