পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১০৷ ৰাম পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে।

(কীৰ্ত্তন ঘোষা, ৫৮)

১১। মোহন দেহু দৰিশন   গোপাল প্ৰাণ
   পেখো মুখ কমল।
 সংসাৰ তাৰণ   তেৰি চৰণ
   নভজি জন্ম বিফল॥

(কীৰ্ত্তন ঘোষা, ৭৫ )

১২। স্বামী মোক পাৰ কৰা কৰুণাসিন্ধু।
 সংসাৰ সাগৰে আউৰ আন গতি॥
 নাহিকে মাধৱ বান্ধৱ তোমাত পৰে।

(কীৰ্ত্তন ঘোষা, ১৩৬)

১৩। ৰাম হৰি কৰুণাময় তোমাৰ চৰণে ভজো।
 স্বামী দুনাই যেন সংসাৰে নযজো॥

(কীৰ্ত্তন ঘোষা, ১৪০)

১৪। ও হৰি প্ৰভু জগন্নাথ—
 নিস্তাৰ কৰা দাৰুণ সংসাৰে।
 কৃষ্ণৰ চৰণ ছাড়ি আন গতি—
 নেদেখো হামাৰে॥

(কীৰ্ত্তন ঘোষা, ১৮১)