পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 প্ৰথমে মধুৰ পাইলে বিষ লাগে , পাছে।
 নজানি বৰশী গিলি মৰে যেন মাছে॥
 সেহিমতে পুত্ৰ-দাৰা বিষয়ৰ সুখ।
 আহাৰ বিয়োগে উপজিবে মহা দুঃখ॥

(একাদশ)


৭। অসুখ সংসাৰ আকে সুখ মনে মানি।
 কৰিলো আসক্তি মই হেনয় অজ্ঞানী॥
 দিয়োক মাধৱ তযু জ্ঞান আৱে মোক।
 দুঃখময় সংসাৰক স্মৰণ নহৌক॥

(ৰত্নাকৰ, ভাঃ ৬৯৮)


৮। মহা মনোৰথ পৰম্পৰা অতিশয়।
 হেনয় সংসাৰ মনতেসে হন্তে হয়॥
 জীৱৰ সংসাৰ আসি হোৱে অজ্ঞানত।
 পাৱে জীৱে সংসাৰৰ দুঃখ নানামত॥
 গুৰুৰূপ বাসুদেৱ ভকতি মাত্ৰকে।
 সংসাৰ উচ্ছেদ আসি হোৱয় এতেকে॥

(ৰত্নাকৰ, ১০২৪-২৫)


৯। হৰি ৰাম হৰি ৰাম  ঘোষিয়ো ভাই
  সংসাৰ সাগৰে তৰ।
 ৰামপাৱ নাৱ   কাষতে আছয়
  মিছায়ে বুৰিয়া মৰ॥

(কীৰ্ত্তন ঘোষা, ৫৬ )