পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


মায়া

১। অৱস্তুক দেখাৱয় বস্তুক আৱৰি।
এহিসে মোহোৰ মায়া জানা নিষ্ট কৰি॥
নাথাকিতো দেখি যেন চন্দ্ৰমা উদয়।
থাকিতো ৰাহুক যেন কেহো নেদেখয়॥
এহিমতে মায়া আৰ কৰি ঈশ্বৰক।
আশাৰ বিষয় তাক দেখাৱে জীৱক॥

(দ্বিতীয়, ২২৮—২২৯)

২। যত দেখা যত শুনা  যতেক মনত গুণা
 সৱে মায়াময় স্বপ্ন সম।
সমস্তে জগতে হৰি  জানিবা নিশ্চয় কৰি
 গুচায়ো বুদ্ধিৰ ইটো ভ্ৰম॥

(কীৰ্ত্তন, ১৮১৫)

৩। তুমিসে কেৱলে সত্য সবে মায়াময়।
তুমি বিনে সত্য আন বস্তু নাহিকয়॥

( ৰত্নাকৰ ভাঃ, ১১১)


৪। যত দেখা মায়াময় সৱে স্বপ্নসম।
হৰিময় দেখি দূৰ কৰা মতিভ্ৰম॥

( একাদশ, ১৯২৬২)

৫। অহঙ্কাৰ পঞ্চভূত  তোমাত পৃথক নুহি
 প্ৰভু পৰমাৰ্থ বিচাৰত।
তোমাৰ কটাক্ষ-দৃষ্টি পায়া নৃত্য কৰে মায়া
 ভৰি তুলি মৰ্দ্দে মোৰ মাথ॥