পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


সত্যবচন) শিকিছিল। কিন্তু কৃষ্ণ-বাসুদেৱে কেৱল এই কেইটা নহয়, আৰু বহুত নীতি-ধৰ্ম্ম প্ৰচাৰ কৰিছিল যেনে—

“অভয়ং সত্ত্বসংশুদ্ধিৰ্জ্ঞানযোগব্যৰস্থিতিঃ।
দানং দমশ্চ যজ্ঞশ্চ স্বাধ্যায়স্তুপ আৰ্জৱম্॥
অহিংসা সত্যমক্ৰোধস্ত্যাগঃ শান্তিৰপৈশুনম্।
দয়া ভূতেষ্বলোপ্যুত্তং মাৰ্দ্দৱং হ্ৰীৰচাপলম্”॥

(গীতা, ১৬৷:২)

অৰ্থাৎ “অভয়, সত্ত্বস শুদ্ধি জ্ঞান আৰু যোগত স্থিতি, দান, দম, যজ্ঞ, স্বাধ্যায়, তপ আৰু আৰ্জ্জৱ ( সৰলতা), অহিংসা, সত্য, অক্ৰোধ , ত্যাগ, শান্তি, অপৈশুন্য, ভূতদয়া, অলোলুপতা, মৃদুতা, লজ্জা, আৰু অচপলতা ( এইবোৰ দৈৱী সম্পদ)। অভয়, অহিংসা আদি নীতি নাস্তিক বৌদ্ধ ধৰ্ম্মৰ প্ৰধান অঙ্গ। গৌতম বুদ্ধই এনে নীতি নিশ্চয় ঘোৰ আঙ্গিৰসৰপৰা শিকা নাছিল।

 দেৱকী পুত্ৰৰ নাম দেখিয়ে তেওঁক কৃষ্ণ-বাসুদেৱ বুলিব নোৱাৰি। কিমান দেৱকী নামে তিৰোতা আছিল বা থাকিব পাৰে, তাক কোনে জানে? তত্ত্বদৰ্শী কেবাজন কৃষ্ণৰ নাম শাস্ত্ৰত পোৱা যায় যেনে, বিশ্বকায়ৰ