পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

পিতা কৃষ্ণ (ঋক্, ১৷১১৬৷২৩, ১৷১১৭৷৭), কৃষ্ণ অঙ্গিৰস (কৌশিঃ ব্ৰাহ্মণ ৩০৷৯), কৃষ্ণত-হাৰিত (ঐতঃ আৰঃ ৩৷২৷৬ ), কণ্হ (কৃষ্ণ) (বৌদ্ধ অন্বথ সূত্ৰ ,) ইত্যাদি। কিন্তু এওঁলোকৰ এজনো কৃষ্ণ-দেৱকী পুত্ৰ নহয় আৰু মহাভাৰতৰ কৃষ্ণ-বাসুদেবো নহয়। এনে স্থলত কৃষ্ণ-দেবকী পুত্ৰ আৰু কৃষ্ণ-বাসুদেৱক একে বুলি ধৰিবৰ বিশেষ প্ৰমাণ নাই৷ নামৰ মাত্ৰ সামঞ্জস্যই দেৱতাক মানুহ কৰিব নোৱাৰে। রাবু, হেমচন্দ্ৰ ৰায়- চৌধুৰীয়ে তেওঁৰ বৈষ্ণৱ সম্প্ৰদায় প্ৰাচীন বুৰঞ্জী বিষয়ক কিতাপত ভগৱন্ত কৃষ্ণক কৃষ্ণ দেৱকী পুত্ৰ কৰিবলৈ অহো- পুৰুষাৰ্থ কৰিছে। কিন্তু তেওঁৰ যুক্তি অতি দুৰ্ব্বল আৰু বালকোচিত বুলি বোধ হয়।*

 আনপক্ষে কৃষ্ণ-বাসুদেৱ যে স্বয়ং ভগৱান তাক মহাভাৰতেই স্বীকাৰ কৰিছে। নাস্তিক বৌদ্ধ ঘটজাতকে কৃষ্ণক ঈশ্বৰ বুলি স্বীকাৰ কৰিব পাৰেনে? তেনে কৰিবলৈ গলে বৌদ্ধ ধৰ্ম্মৰ স্থান কত? তেনে কৰিলে সেই ধৰ্ম্মৰ ব্যভিচাৰ ঘটিব। এনেস্থলত ঘটজাতকত কৃষ্ণক এজন ক্ষত্ৰিয় কুমাৰ, সামান্য মানুহ বোলা স্বাভাবিক।


  • গীতা ভাস্যৰ উপক্ৰমণিকাত শ্ৰীশঙ্কৰাচাৰ্য্যই লেখিছে—

“স অদিকৰ্ত্তা নাৰায়ণাব্যো বিষ্ণু .........দেৱক্যাং বাসু
দেৱাদংশেন কৃষ্ণ কিল সম্বভুব।”