পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


যত্তীৰ্থবুদ্ধিঃ সলিলে ন কৰ্হিচি-
জ্জনেষ্বভিজ্ঞেষু স এৱগোখৰঃ॥”

(ভাগ, ১০/৮৪/১৩)।

 অৰ্থাৎ যাৰ ত্ৰিধাতুক দেহত আত্মবুদ্ধি, ভাৰ্য্যাদিত আত্মীয় বুদ্ধি, প্ৰতিমাত দেৱতাবুদ্ধি আৰু পানীত তীৰ্থবুদ্ধি আছে, কিন্তু সাধুসবত তেনে জ্ঞান নকৰে, সি গো-ঘাঁহ বৈ নিয়া গাধৰ তুল্য।

 [২০১ পৃঃ ] প্ৰাকৃত ভকত— মহাপুৰুষ শঙ্কৰদেৱে প্ৰতিম-পূজা একেবাৰে নিন্দা কৰা নাই। অতি নিকৃষ্ট ভকতে প্ৰথমতে বিষ্ণু-মূৰ্ত্তি উপাসনা কৰি ভক্তি-মাৰ্গত খোজ লব পাৰে। শেষত ভক্তি-যোগত উন্নতি লাভ কৰিলে শ্ৰেষ্ঠ ভকতো হব পাৰে।

 মহাপুৰুষ মাধৱদেৱে কৈছে :—

“প্ৰতিমা স্বৰূপ ভক্ত ৰূপ মাধৱৰ।
দুইকো প্ৰণামে মাথা সি সি শ্ৰেষ্ঠতৰ॥
ইটো দুই ৰূপক কৃষ্ণৰ যিটো দেখে।
চক্ষু বুলি তাকেসে মহন্তসবে লেখে॥”(ৰত্নাৱলী,৫২৭)।

 ইয়াত ভক্তকে প্ৰতিমাৰ লগত তুলনা কৰা হৈছে। প্ৰতিমা পূজা নিন্দা নকৰিলেও মহাপুৰুষে প্ৰতিমা- পূজাৰ ব্যৱস্থা কৰা নাই। কোনা সত্ৰতে মহাপুৰুষে