পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


প্ৰতিমা স্থাপন কৰা নাই। বৰদোৱা যদিও মাটিৰ তলত পোৱা বিষ্ণু-মূৰ্ত্তি প্ৰতিস্থা কৰিছিল আন কোনো ঠাইতে তেনে কৰা নাই। বিষ্ণুৰ প্ৰতিমা ভকতকহে সেৱা কৰিব কৈছে।

 [২০৫ পৃঃ, ১-২ দঃ ] মহাভাগৱত—উপনিষদে কয় :—

যস্তু সৰ্ব্বানি ভূতান্যাত্মন্যেৱানুপশ্যতি।
সৰ্ব্ব ভূতেষু চাত্মানং ততো ন ৱিজুগুপ্সতে॥”

(ঈশোপনিষদ, ৬)।

 অৰ্থাৎ যিলোকে চৰাচৰ বিশ্বক পৰমেশ্বৰত দেখে, আৰু সকলো ভূতকে সৰ্ব্বসাক্ষী পৰমেশ্বৰত দেখে তেওঁ পাপ আচৰিব নোৱাৰে।

 ভাগৱত আৰু ভকতৰ অৰ্থ একে।

 [২০৬ পৃঃ] সাধু—মাধৱদেৱ পুৰুষে কৈছে :—

“বিষয়ৰ ভোগক এড়িয়া যিটো জন।
পৰম শ্ৰদ্ধায়ে ভজে কৃষ্ণৰ চৰণ।৷
তাকেসে বুলিয় সাধু লৈয়োক প্ৰমাণ।”

(ৰত্নাৱলী, ১২১-২)

 [ ২১০ পৃঃ ] সাধুসঙ্গ—সাধুসঙ্গই ভগৱন্তক যেনে বশীভূত কৰে যোগ, জ্ঞান, বেদাধ্যয়ন, তপস্যা, দান আদিয়ে তেওঁক তেনে বশ কৰিব নোৱাৰে *। সাধু-সঙ্গ


  • ভাগৱৎ ১১৷১২৷১ দেখা।