পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী৷

 [৭৩ পৃ;] কৰ্ম্ম-যোগ—জীৱন-যাত্ৰা নিৰ্ব্বাহৰ অৰ্থে কৰা পান-ভোজনাদিৰ নাম লৌকিক কৰ্ম্ম। দেৱতাৰ উদ্দেশ্যে কৰা কামৰ নাম দৈৱিক কৰ্ম্ম। ই তিনিবিধ—নিত্য, নৈমিত্তিক আৰু কাম্য *! সন্ধ্যা-উপাসনাদি নিত্য-কৰ্ম্ম। জাত-কৰ্ম্মাদি নৈমিত্তিক কৰ্ম্ম! বেদ বিহিত যাগ-যজ্ঞ অগ্নিহোত্ৰাদি ক্ৰিয়াক বৈদিক কৰ্ম্ম— ইন্দ্ৰাদিৰ উদ্দেশ্যে যাগ-যজ্ঞ হোম, দানাদি যি অনুষ্ঠিত হয় সেয়ে কৰ্ম্ম বা কৰ্ম্ম-কাণ্ড বোলে। ইয়াত-কৰ্ম্মকাণ্ডৰ কথা হে কোৱা হৈছে। ভক্তি হলে নিত্য-নৈমিত্তিক নকৰিলেও হয়†৷ একেবাৰে এৰিবও পাৰে। শ্ৰীমাধৱদেৱে কৈছে :—

তাৱত কৃষ্ণৰ ভক্ত নৰে  ভক্তি অবিৰোধী ধৰ্ম্ম কৰে
 কৃষ্ণৰ কথাত ৰতি যাৱে উপজয়।
যেৱে ভৈল কৃষ্ণ কথাৰত  নিত্য নৈমিত্তিক কৰ্ম্ম আদি যত
 কথাৰ বিৰোধী জানিয়া সৱে তেজয়॥

( নামঘোষা, ৫৯৭)


  • কথিতং ভৱতা বিপ্ৰ নিত্যনৈমিত্তিকঞ্চ যৎ।

নিত্য নৈমিত্তিকং কাম্যং ত্ৰিবিধং কৰ্ম্ম পৌৰুষম্॥

ব্ৰহ্মপুৰাণ, ১২১

† হৰিৰ ভকতি ধৰ্ম্ম জনে আচৰে।
নিত্যং নৈমিত্তিক কতো কৰে কতো এৰে॥
তথাপিতো ধৰ্ম্ম-ভ্ৰষ্ট নোহে সিটো নৰ।
নকৰিয়ে পাৱে ফল সমস্ত ধৰ্ম্মৰ।” (ৰত্নাৱলী, ১৮২-১৮৩)