পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


(৩) মায়া-তৰণ :—ৰত্নাকৰত আছে :—

“সাধু সঙ্গ লৈয়া যিটো কৰয় ভকতি।
মাধৱৰ অনুগ্ৰহ হোৱে তাক প্ৰতি॥
জ্ঞান বিৰকতি আসি উপজয় তাৰ।
মায়াময় সংসাৰৰ সুখ হোৱে পাৰ॥ (১০৩৭ )

আকৌ ভাগৱতত পোৱা যায় :—

“এবং প্ৰসন্নো-মনসো ভগৱদ্ভক্তিযোগতঃ।
ভগৱত্তত্ত্বৱিজ্ঞানং মুক্তসঙ্গস্য জায়তে॥
ভিদ্যতে হৃদয়গ্ৰন্থিশ্চিদ্যন্তে সৰ্ব্বসংশয়াঃ।
ক্ষীয়ন্তে চাস্য কৰ্ম্মাণি সৃষ্ট এবাহত্মনীশ্বৰে॥”

( ভাগৱত, ১৷২৷২০-২১)

 অৰ্থাৎ, ভগৱদ্ভক্তিৰ যোগত মন এনেকৈ প্ৰসন্ন হলে মানুহ সংসাৰপাশৰপৰা মুক্ত হয়। তেতিয়া তাৰ তত্ত্ব-জ্ঞান জন্মে আৰু তাৰ পিচতেই আত্মাৰ লগত সাক্ষাৎকাৰ হয়। তেতিয়া তাৰ অহংজ্ঞান নষ্ট হয়, সকলো সংশয় দূৰ হয়। আৰু কৰ্ম্মবন্ধ ছিগি যায়। মায়াৰ প্ৰভাৱ তেতিয়া থাকিব নোৱাৰে। ই এটা পৰম লাভ।

 এই বিষয়ে মুণ্ডকোপনিষদ, ২৷২৷৮ মন্ত্ৰ দেখা :—

ভিদ্যতে হৃদয় গ্ৰন্থিশ্চিদ্যন্তে সৰ্বসংশয়াঃ।
ক্ষীয়ন্তে চাস্য কৰ্ম্মাণি তস্মিন দৃষ্টে পৰাৱৰে॥