পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

 (৪) মুক্তিৰ “চতুৰ্থ অঙ্গৰ দুখ বা পুনৰ্জ্জন্ম নিবৃত্তি’’। বেদান্ত সুত্ৰই কয়--“অনাবৃত্তি শব্দাৎ’’—অৰ্থাৎ জীৱে আকৌ ঘূৰি আহিব নলগা অবস্থা। ছান্দোগ্য উপনিষদেও কয় – “ন সঃ পুনৰাৱেৰ্ত্ততে (৮৷১৫৷১)”— অৰ্থাৎ সি আৰু ফিৰি নাহে। গীতাইও তাকে কয় :—

“ন তদ্ভাসয়তে সূৰ্য্যো ন শশাঙ্কো ন পাৱকঃ।
ৰদ্গত্বা ন নিৱৰ্ত্তন্তে তদ্ধাম পৰমং মম। (গীতা, ১৫।৬)

 অৰ্থাৎ, যি পদ পালে তত্ত্বজ্ঞ পুৰুষসকলৰ পুনৰাবৃত্তি নহয়। স্বপ্ৰকাশ সেয়ে মোৰ (ঈশ্বৰৰ) স্বৰূপভূত পৰম উৎকৃষ্ট পদ। এইদৰে কেৱল জীৱত্মাৰ নহয় নশ্বৰ দেহৰো পুনঃ পুনঃ জনম-মৰণৰ অন্ত পৰে অৰ্থাৎ দুখৰ নিবৃত্তি হয়।

 শ্ৰীমাধৱদেৱে গাইছে :—

“তেজিয়ে সয়ল মনোৰথ আৱৰি
 হৰি পদে প্ৰেম মিলায়ো।
পুনু পুনু আৱা সমন এড়ায়ো
 মায়া ভৰম বাহুড়ায়ো॥”— (বৰগীত, ৭৭)।

 [৮৷১০ দফা] ৰত্নাকৰ, কীৰ্ত্তন আদি শাস্ত্ৰত মহাপুৰুষে মুক্তিতকৈ ভক্তিক গৰিষ্ঠ বুলিছে। ওপৰত উল্লেখ কৰা মুক্তি বিভাগ বিষয়ক ভাগৱতৰ শ্লোকত কৈছে