পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


 [১৮ পৃ:] জীৱ—জীৱ ঈশ্বৰৰ অংশ অদ্বিতীয় আৰু অনাদি অবিদ্যাৰ পৰা জীৱৰ বন্ধ আৰু বিদ্যাৰ পৰা মোক্ষ হয় *৷ উপনিষদে কয় :—

“উদ্গীতমেতৎপৰমং তু ব্ৰহ্ম তস্মিংস্ত্ৰয়ং সুপ্ৰতিষ্ঠাক্ষৰংচ।”

(শ্বেতাশ্বতৰোপনিষদ, ১৷৭)

 অৰ্থ :— ব্ৰহ্মপদবাচ্যৰ মাজত পৰম ব্ৰহ্মত্বযুক্ত, বেদাদি শাস্ত্ৰত গীত, যেনে (গীতা)—“পুৰুষান্ন পৰং কিঞ্চিৎ সা কাষ্টা সা পৰা গতি॥” (অৰ্থাৎ পৰমেশ্বৰৰ বাহিৰে আন একো নাই, সেয়ে সীমা সেয়ে পৰাগতি) ব্ৰহ্মৰ তুল্য আন একো নাই। সেয়ে একব্ৰহ্মত জীৱ, ঈশ্বৰ আৰু প্ৰকৃতি এই তিনি বস্তু প্ৰলয় কালতো বৰ্ত্তমান থাকে। এই তিনিওতে অক্ষৰ (অৱিনশ্বৰ) সদাই এক ৰস ব্ৰহ্ম, প্ৰকৃতি পুৰুষৰূপ ভোগ্য ভোক্তা—জীৱ আৰু জড় সংসাৰৰ কাৰণ দশাত আধাৰ হৈ থাকে।

 [১৯ পৃ: ] জীৱ আৰু ঈশ্বৰ—ৰত্নাকৰত জীৱ আৰু ঈশ্বৰৰ প্ৰভেদৰ বিশেষ আলোচনা আছে। আচলতে জীৱ ঈশ্বৰৰ পৰা পৃথক নহয়; কেৱল অবিদ্যাৰ কাৰণে জীৱে নিজক চিনি নাপায় †৷


  • যেনে, “একস্যৈৱ মমাংশস্য জীৱস্যৈৱ মহামতে।

বন্ধোহস্যাবিদ্যয়াহনাদিৰ্বিদ্যায়া চ তন্নেতৰঃ॥”

(ভাগৱত, ১৷১১৷৪ )

† ভাগৱৎ, ১৷৫৷২৬-২৭ দেখা।