পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


(বা নষ্ট কৰিলেও) ইয়াক মৰা (বা নষ্ট কৰা) নাযায় *। ই কাকো নামাৰে; ইয়াকো কোনেও মাৰিব নোৱাৰে (“নায়ং হন্তি ন হন্যতে।”— কঠোপনিষদ, ২১৯)।

অস্ত্ৰ-শস্ত্ৰই ইয়াক কাটিব নোৱাৰে, জুইয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে আৰু বায়ুয়ে শুকাব নোৱাৰে†। জন্মৰপৰা শ্মশানশালীলৈ যিবোৰ অৱস্থা হয় সেইবোৰ দেহৰ হে, আত্মাৰ নহয়। যেনেকৈ অব্যক্ত-গতি কালে চন্দ্ৰৰ কলাৰ হ্ৰাস-বৃদ্ধি ঘটালেও চন্দ্ৰৰ একো নহয়, যেনেকৈ অগ্নিৰ শিখাৰেই উৎপত্তি আৰু বিনাশ হয়, কিন্তু অগ্নিৰ একো নহয়, তেনেকৈ প্ৰবাহৰ নিচিনা বেগ-যুক্ত কালে প্ৰাণীবিলাকৰ উৎপত্তি আৰু নাশ ঘটাব লাগিছে, কিন্তু আত্মাৰ নহয়‡। আকৌ, আত্মা অব্যয়, নিৰ্গুণ, শুদ্ধ জ্যোতি-স্বৰূপ, আৱৰণ-শূণ্য আৰু অগ্নিতুল্য; কিন্তু দেহ অচেতন, কাঠৰনিচিনা§।


  • দেখা :—ন জায়তে ম্ৰিয়তে বা বিপশ্চিন্নায়ং কুতশ্চিন্ন বভুৱ কশ্চিৎ।

অজো নিত্যঃ শাশ্বতোহয়ম্পুৰাণো ন হন্যতে হন্যমানে শৰীৰে”৷
আকৌ, গীতা, ২৷২০ দেখা। (কঠোপনিষদ্,২৷১৮)

 † গীতা, ২৷২৩ দেখা।

 ‡ ভাগৱত, ১১৷৭৷৪৭৷

 § ভাগৱত, ১১|২৮৷১১৷