সমললৈ যাওক

পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টোকা।

 ১। ঈশ্বৰ-নিৰ্ণয়—মহাপুৰুষ শ্ৰীশঙ্কৰদেৱৰ বাণীত সহজ ভাষাত জটিল তত্ত্ব ঈশ্বৰ-নিৰ্ণয়ৰ চমু আভাস আছে (ভক্তি ৰত্নাকৰ দেখা)। ঈশ্বৰ মূৰ্ত্তি-শূণ্য, সৰ্ব্ব-কৰ্ত্তা, সৰ্ব্বজ্ঞ, সৰ্ব্ব-সেব্য, জগতৰ ঈশ এক, বিশ্ব-ব্যাপক, জগত প্ৰকাশক, জগতৰ আদি-অন্ত-মধ্য, বহুৰূপী, পুৰুষ-পুৰাণ, নিৰঞ্জন, আনন্দময়, অনাদি, অনন্ত, অক্ষয়, আদ্য-কাৰণ, সৃষ্টি-স্থিতি-লয়ৰ কাৰণ, নিৰাময়, অন্তৰ্য্যামী, জন্ম-মৰণ-শূণ্য।

 ঈশ্বৰ সত্য * পূৰ্ণ; তেওঁত বাদে আন একো নাই। তেওঁ জগতৰ সকলোতে আছে। যিমান দেখা, যিমান শুনা, সকলো তেৱেঁই। তেওঁ জগতৰে আত্মা এক। তেওঁ আৰু জীৱ অভেদ (ভক্তি ৰত্নাকৰ দেখা)। জগতৰ বিনাশ আছে, তেওঁৰ নাই। তেওঁ অপোনাতে আপোনাক স্ৰজে আৰু আপোনাকে আপুনি সংহৰে†। তেওঁ ভূত,


* "সত্যং জ্ঞানমনন্তং”। তৈত্তিৰীয়োপনিষদ্। (১৷২)

†যেনে, একোদেৱঃ সৰ্ব্বভূতেষু গূঢ়ঃ সৰ্ৱব্যাপী সৰ্ৱ ভূতান্তৰাত্মা।
কৰ্ত্তাব্যক্ষঃ সৰ্ৱভূতাধিবাসঃ সাক্ষী চেতা কেৱলো নিৰ্গুণশ্চ॥

(শ্বেতাশ্বতৰোপনিষদ,৬৷ ১১)