পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

প্ৰাণ, ইন্দ্ৰিয় আদি সকলোৰে কাৰণ৷ তেওঁ মাথোন চৈতন্য; তেওঁ নিৰ্গুণ কিন্তু গুণৰ নিয়ন্তা। তেওঁৰ শত্ৰু-মিত্ৰ নাই; সংসাৰৰ দোষ-গুণে তেওঁক নোচোৱে। তেওঁ সকলোকে দেখে, কিন্তু তেওঁক কোনেও নেদেখে; ইত্যাদি। উপনিষদৰ কথাত কব পাৰি তেওঁ সৎ, চিৎ আৰু আনন্দ। মাধৱদেৱপুৰুষেও এনে বৰ্ণনা দিছে।*

 [৫ দফা]—“ঈশা বাস্য মিদং সৰ্ৱং যৎকিঞ্চ জগত্যাঞ্জগৎ”। (ঈশোপনিষদ, ১)। এই জগতত যি কিছু প্ৰত্যক্ষ আৰু অনুমেয় বস্তু (জগৎ) আছে, সকলো পৰমেশ্বৰৰদ্বাৰা আচ্ছাদিত।

 [৪ দফা]—‘যো দেৱোহগ্নৌ যোহপসু যো বিশ্বং
    ভুৱনমাৱিৱেশ।

 য ওষধীষু যো বনস্পতিষু তস্মৈ দেৱায় নমোনমঃ॥
(শ্বেতাশ্বতৰোপনিষদ, ২।১৭)। যি দেৱ, অগ্নি, জল, ঔষধি আৰু বট আদি বনস্পতি সোমাই ৰৈ আছে, সেই পৰমেশ্বৰক বাৰ বাৰ নমস্কাৰ কৰোঁ।


•‘নমো নমো নিত্য নিৰঞ্জন  নাৰায়ণ শিৱ সনাতন
  অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা।
পৰম পুৰুষ ভগৱন্ত  নাহি পূৰ্বাপৰ আদি অন্ত
  তুমিসে চৈতন্য ঈশ্বৰ ভৱ ভাবন্তা॥”
    (নামঘোষা, ৫৮৭)