পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

২। নকৰিবা নিন্দা আন পন্থী সমস্তক।
 যোগৰ ফলৰ অৰ্থে তেজিক কৰ্ম্মক॥

(ৰত্নাকৰ ভাঃ, ২৬৮)

৩। ভাগৱত ধৰ্ম্মক প্ৰণামো প্ৰথমত।
 প্ৰণামো কৃষ্ণক যাৰ অচিন্ত্য মহত্ত্ব॥
 ভকত বিপ্ৰক প্ৰতি কৰো নমস্কাৰ।
 কৰোঁ সনাতন ধৰ্ম্মচয়ক প্ৰচাৰ॥

(দ্বাদশ, ২৬২)

⸺⸺

এক শৰণ বা নাম ধৰ্ম্মৰ মূল

১। তৰ্ক বেদাগম  জ্ঞান যোগ বলে
 পুৰুষক কৰে অন্ধ।
 কোটি কোটি জন্মে  মোক নজানিবে
 ইহাত যাৰ প্ৰবন্ধ॥
 হেন জানি সখি  দূৰতে তেজিয়ো
 ইসৱ শাস্ত্ৰৰ চিন্তা।
 যেৱে মোক পাইবা  সদায়ে শুনিবা
 মহাভাগৱত, গীতা॥
 হেববা বুলিবা  আপোনাক শ্ৰেষ্ঠ
 বখানা তুমি আপুনি।
 উপনিষদৰ  মন্ত্ৰে আৰ সক্ষী
 কহোঁ তাক থাকা শুনি॥