পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

আন দেৱ-ধৰ্ম্ম  সবে মায়াময়
 জানিয়া তেজিয়ো তাক।
মোক বেদ-মন্ত্ৰে  যেন তুতি কৰে
 শুনা সখি বেদ-বাক॥

× × × × 

আনো নানা তুতি  মোক মাত্ৰ বোলে
 দিলো মন্ত্ৰ-বেদ সাক্ষী।
যত দেৱ-ধৰ্ম্ম  সবাকো উছাদি
 এক মোক মাত্ৰ ৰাখি॥
বেদ বাক্য দেখা  পাষাণৰ ৰেখা
 জানিয়া দঢ়ায়ো চিত্ত।
সৱে দেৱ তেজি  মোক মাত্ৰ ভজি
 তুমি হৈবা কৃত-কৃত্য।
(অৰ্জ্জুনৰ প্ৰতি কৃষ্ণ; ভক্তি প্ৰদীপ , ১৩০-১৩৫)

২। সমস্ত শাস্ত্ৰৰ সাৰ উদ্ধাৰিয়া আনি।
 দেখাইলা বিদিত কৰি দেৱ চক্ৰপাণি॥
 যিটো শাস্ত্ৰ কহিলন্ত দৈৱকী তনয়।
 যেহি মাত্ৰ শাস্ত্ৰ এক জানিবা নিশ্চয়॥
 দৈৱকীৰ পুত্ৰ এক কৃষ্ণ মাত্ৰ দেৱ।
 ধৰ্ম্ম এক মাত্ৰ সেই দেৱতাৰ-সেৱ॥
 মন্ত্ৰো এক তান নামে কৃষ্ণ দেৱতাৰ।
 ভগৱন্তে ইটো কৰিলন্ত সাৰোদ্ধাৰ॥

(ৰত্নাকৰ ভা, ১৮২—১৮৩)