পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

হেনয় বিনয় কৰি গুৰুৰ চৰণে।
ভাগৱত ধৰ্ম্মক শিখিবে একমনে॥
যি ধৰ্ম্মত তুষ্ট হুয়া প্ৰভু ভগবান।
নিজ ভকতক আপোনাকে দেন্ত দান॥

(নিমি নৱসিদ্ধ, ১৩৯-১৪০)

২। সব আশ্ৰমীতে কহে ঈশ্বৰ জ্ঞানক।
 দেই উপদেশ যিটো ভকতি পন্থক॥
 সিয়োজন জানা মই সাক্ষাতে ঈশ্বৰ।
 জগততে পূজ্য আৰ নাহি তাত পৰ॥

(ৰত্নাকৰ ভা:, ১৭)

৩। কৈলো যেন যেন কৃষ্ণ-নামৰ মহত্ব।
 আক যিটো জনে জানে সংসাৰ মধ্যত॥
 আনাতো অধিক গুৰু জানা সি সি জন।
 শিষ্য হুয়া সেৱা কৰো তাহান চৰণ॥

(অৰ্জ্জুনৰ প্ৰতি কৃষ্ণ; ভক্তি প্ৰদীপ, ২৪৫)


(গ) ভকত

১। দেৱতো তীৰ্থতো কৰি ভকতেসে বৰ।
 ভকতক ভঞ্জিলে গুচয় কৰ্ম্ম-জড়॥

(একাদশ, ১৮১)