পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

২। দেৱতো তীৰ্থতো কৰি ভকতেসে পূজ্য
 যাহাৰ কৃপাত পায় মুকুতি সাংযুজ্য॥

(নিমিনৱসিদ্ধ, ১৫২)

৩। সেহিজন প্ৰিয়তম ভকত অমাৰ।
 তান সঙ্গ লৈলে হোৱে পাপীও উদ্ধাৰ॥
 দেৱতো তীৰ্থতো কৰি সি সি পূজ্যতম।
 কি কহিবো সখি মঞি নুহো তাক সম॥

(অৰ্জুনৰ প্ৰতি কৃষ্ণ; ভক্তিপ্ৰদীপ, ২৪৬)

৪। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতেকো নাহি ভেদ।
 দুইৰো কথা কৰে পাতকৰ কন্ধ ছেদ॥

(প্ৰথম, ১৫)

৫। এতেকেসে লন্ত মাত্ৰ দেৱতা বান্ধৱ।
 সপ্ত আত্ম শান্ত মই ঈশ্বৰ মাধৱ।

(ৰত্নাকৰ ভাঃ, ৮২)

৬। জগতৰে আত্মা ঈশ্বৰ দেৱ।
 তোমাৰ শত্ৰু-মিত্ৰ নাহি কেৱ।
 সমস্তে ভূততে আছা বিয়াপি৷
 ভজাক প্ৰভু ভজা তথাপি।

(কীৰ্ত্তন, ১১৩৬)