পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৮।
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

তেজি ধৰ্ম্ম সিটো মোক ভজে যিটো
 সেহি সাধু মহাশয়॥

(ৰত্নাকৰ ভাঃ, ৯২-৯৫)


(১১) মহা সাধু

১। ভকতিসে সমস্ত পুণ্যৰ হোৱে পাত্ৰ।
 জানি নিজ ধৰ্ম্ম তেজি মোক ভজে মাত্ৰ॥
 সুহৃদ বিশ্বাস মোতে কৰিলে নিশ্চয়।
 সেহি মহা সাধু সখি নাহিকে সংশয়॥

(উদ্ধৱৰ প্ৰতি শ্ৰীকৃষ্ণ-একাদশ, ১৮৩)

২। আন দেৱ নাৰাধে নসাধে স্বৰ্গকাম।
 নেড়ে সুখে দুঃখে মুখে মোৰ গুণ-নাম॥
 মোৰ মূৰ্ত্তি মনে নিতে হৃদয়ত ধৰে।
 জানা সখি সেহি মহাসাধু সুখে তৰে॥

(তথ্য, ৯৮৪)

(১২) পৰম সাধু

১। আন ক্ষুদ্ৰ দেৱতাত যদি, নেদৈ মতি।
  মহা দুৰাচৰো কৰৈ আমাত ভকতি॥