পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহাপুৰুষ

শঙ্কৰদেৱৰ বাণী

⸺⸺

প্ৰথম আধ্যা

ঈশ্বৰ খণ্ড

ঈশ্বৰ নিৰ্ণয়

১। প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন।
 সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ॥ (কীৰ্ত্তন ১)

২। নাহি দেহেন্দ্ৰিয়  সমস্ত কৰ্ত্তাৰ
 শক্তিক ধৰা অকলে।
 তুমিসি সৰ্ব্বজ্ঞ  তুমি সৰ্ব্ব কৰ্ত্তা
 তোমাক সেৱে সকলে। ( কীৰ্ত্তন ১৬৬৫)
৩। পৰমাত্মা হৰি  বিজ্ঞান মূৰুতি
 নিৰাকাৰ নিৰাময়।
 নিত্য নিৰঞ্জন  আনন্দ স্বৰূপ
 দেহ ইন্দ্ৰ নাহিকয়॥