পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


বেদৰ সাৰক  নধৰে নামক
 শাস্ত্ৰৰ নুবুজি মৰ্ম্ম॥
যাত আছে বুদ্ধি  ধৰি মহৌষধি
 সংসাৰ ব্যাধিৰ নাম!
ভণিল শঙ্কৰে  নিৰন্তৰে নৰে
 ডাকি বোলা ৰাম ৰাম॥

(যষ্ঠ, ৫৪৭৮—৫৪৭৯)

৪০। বুজিয়ো শাস্ত্ৰৰ মজ্জা  কৃষ্ণসে দেৱৰ ৰাজা
 হৰিনাম ধৰ্ম্মৰ ঈশ্বৰ।
 যত তপ তীৰ্থ-স্নান  যাগ যোগ মহা জ্ঞান
 জানা সবে নামৰ কিঙ্কৰ॥
 নাহি আত অন্যৱথা  বিচাৰিলো কৃষ্ণ কথা
 আক শুনি হুয়োক সন্তোষ।
 নিন্দা নুবুলিবা মোক  কৃষ্ণে সবে খণ্ডায়োক
 আছে বঢ়া টুটা যত দোষ॥

(ষষ্ঠ, ৫৬০২—৫৬০৩)

৪১। জানিয়া কৃষ্ণত কৰা একান্ত ভকতি।
 কলিযুগে কৃষ্ণ নাম কীৰ্ত্তনৰ গতি॥
 নাই শিকা টঙ্কা হানি কৃষ্ণৰ সেৱাত।
 শৰীৰতো নাহি শ্ৰম জানিবা ইহাত॥
 শুনন্তো কৰ্ণত যেন বৰিষে অমৃত৷
 যত মহা পাপগণ হৰয় ত্বৰিত॥