পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৩৭। কলিৰ ধৰ্ম্ম হৰিনাম জান।
 পাপীৰ নিন্দাত নিদিবা কাণ॥

(কীৰ্ত্তন ঘোষা, ৭)

৩৮। নাৰদে কহন্ত  মোহোৰ জীৱন
 হৰিৰ নামে সম্প্ৰতি।
 নাহি নাহি নাহি  হৰি নাম বিনে
 কলিত কাহাৰো গতি॥
 কিবা সাহসত  নিচিন্তি আছাহা
 হৰিৰ নলৈয়া নাম।
 কৃষ্ণৰ কিঙ্কৰে  কহে নিৰন্তৰে
 ডাকি বোলা ৰাম ৰাম॥

(ষষ্ঠ, ৫৪০৯)

৩৯। বাল্মীকি দুৰ্ঘোৰ  আছিলেক চোৰ
 ৰাম বুলি ভৈলা ঋষি।
 পাপী অজামিল  বৈকুণ্ঠে চলিল
 নাৰায়ণ নাম ঘুষি॥
 দাসীৰ কুমাৰ  ভৈলা অৱতাৰ
 নাৰদ নামৰ বলে।
 আক শুনি নৰে  নামক নধৰে
 কোননো বিধাতা চলে॥
 নাহি তপ ব্ৰত  কলিৰ যুগত
 নামেসে পৰম ধৰ্ম্ম।